আভ্যন্তৰীণ জল পৰিবহন

নিমাতীঘাটত নাও দুৰ্ঘটনাৰ পিছত পোহৰলৈ আহিল ৰাজ্যৰ আভ্যন্তৰীন জল পৰিবহন বিভাগটোৰ ফোপোলা স্বৰূপটো ৷ যোৱা চৰকাৰৰ দিনৰে পৰা একেটা দপ্তৰৰ মন্ত্ৰী হৈ থকাৰ পিছতো একোৱেই সংস্কাৰ কৰিব নোৱাৰা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক লৈ বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকতে পাৰঘাট সমূহত নাও চলিলে কেতবোৰ নতুন নিয়ম কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ নতুন নিয়ম মতে নাওসমূহ চলিলে এইবোৰ নিয়ম পালন কৰাতো বাধ্যতামূলক ৷

ছিংগল ইঞ্জিনৰ ফেৰী সেৱা বাতিল। দুখন ৰ’-পেক্সসহ চৰকাৰী ছয়খন ফেৰী মাজুলী-যোৰহাট সংযোগী হৈ চলাচল কৰিব থাকিব পাৰিব ৷
ব্যক্তিগত ১৯খন ব্যক্তিগত খণ্ডৰ ফেৰীত মেৰিন ইঞ্জিন আৰু উন্নত সেৱা সংযোজন কৰি ছয় মাহৰ ভিতৰত মাজুলী-যোৰহাট সংযোগী সেৱাত চলাচল কৰাৰ ব্যৱস্থা কৰা হ’ব ৷ ফেৰীত উঠাৰ পূৰ্বে সকলো যাত্ৰীয়ে লাইফ জেকেট পিন্ধিব লাগিব ৷


ফেৰীত উঠা সকলো যাত্ৰীক টিকট দিয়া আৰু যাত্ৰীৰ নাম-ঠিকনা, যোগাযোগ নম্বৰ পঞ্জীয়ন কৰাতো বাধ্যতামূলক হ’ব ৷ ইয়াৰ বাবে মাজুলীত এজন দণ্ডাধীশ আৰু যোৰহাটত এজন দণ্ডাধীশে সকলো তদাৰক কৰিব ৷ দণ্ডাধীশ দুয়োজনে প্ৰতিদিনৰ প্ৰতিবেদন জিলা উপায়ুক্তৰ হাতত দাখিল কৰিব লাগিব ৷ ফেৰীৰ ইন্ধনৰ বাবে বিত্ত বিভাগৰ চিলিঙৰ প্ৰয়োজন নহ’ব ৷


ফেৰী ঘাটসমূহলৈ সঘনে মাজুলী আৰু যোৰহাটৰ জিলা উপায়ুক্তই পৰিদৰ্শন কৰিব ৷ আভ্যন্তৰীণ জল পৰিবহণৰ সঞ্চালক আৰু পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়াসকলে সঘনাই ঘাটসমূহলৈ যাব লাগিব ৷ ঘাটসমূহত প্ৰস্বাৱগাৰ, খোৱাপানীৰ ব্যৱস্থা কৰিব লাগিব ৷


ফেৰীসমূহ যাতায়াতত ব্যৱহাৰ কৰাৰ বাবে অডিট হ’ব ৷ উপযুক্ত আভ্যন্তৰীণ জল পৰিবহণ বিষয়াই জৰীপ কৰি ফেৰীসমূহ ব্যৱহাৰৰ বাবে উপযুক্ত বুলি ব্যৱহাৰযোগ্য পত্ৰ দিয়াৰ ব্যৱস্থা কৰিব ৷ সকলো ফেৰীৰ পঞ্জীয়ন বাধ্যতামূলক হ’ব ৷

লগতে পঢ়ক পল্টন বজাৰ আৰক্ষীৰ জালত সন্দেহজনক ৰোহিংগীয়া


ফেৰী চালক, পৰিচালক আৰু ঘাটত থকা নিয়ন্ত্ৰকৰ মাজত উপযুক্ত নেটৱৰ্কৰ দ্বাৰা যোগাযোগ ৰক্ষা কৰিব লাগিব ৷ চৰকাৰে ঘাটৰ তত্ত্বাৱধায়কক SIM যোগান ধৰিব ৷
ফেৰীৰ মাষ্টাৰ আৰু ক্ৰিউসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ’ব। মাজুলীত এটা SDRFৰ দলে কেম্প কৰি থাকিব ৷

প্ৰতিটো ঘাটত স্বাস্থ্য কেম্প স্থাপন কৰা হ’ব ৷ অভাৰলোড কোনোপধ্যেই কৰিব নোৱাৰিব ৷ ফেৰীৰ যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অনুমতি বাধ্যতামূলক ৷
ৰাজ্যৰ ৮৫০খন ব্যক্তিগত নাঁৱত মেৰিন ইঞ্জিন সংযোগ বিনামূলীয়াকৈ চৰকাৰে কৰি দিব ৷ এয়া জীৱনদিঙা আঁচনিৰ অধীনত হ’ব ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply