নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ ৰাজ্যৰ জিলাসমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে বৈঠকত মিলিত হয়। তেওঁ বৈঠকত সকলোৱে মিলি এক অভিযান চলোৱাৰ কথা কয়। বাল্য বিবাহ বিৰোধী অভিযানত চৰকাৰী কৰ্মচাৰী, আইন প্ৰয়োগকাৰী সংস্থা, গাঁওপ্ৰধান, গাঁও পঞ্চায়ত সচিব, আত্মসহায়ক গোট, ভি ডি পি আদি সকলো অংশীদাৰ হোৱাটো প্ৰয়োজনীয় বুলি দোহাৰে।
লগতে বাল্য বিবাহ বিৰোধী অভিযান সফল কৰিবলৈ এই বৰ্ষৰ বাজেটত পৰ্যাপ্ত ধন আবণ্টন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে জ্ঞাত কৰে।
বাল্যবিবাহৰ সমস্যাসমূহৰ প্ৰতি ৰাইজক সজাগতা তথা অভিযোগ গ্ৰহণ কৰিবলৈ এটা কল চেণ্টাৰ অতি সোনকালে কাৰ্যকাৰী কৰাৰ লগতে ৰাজ্যৰ যিকোনো অংশত বাল্যবিবাহৰ ঘটনাৰ সন্দৰ্ভত চৰকাৰৰ সৈতে চোৰাংচোৱা তথ্যৰ ভাগ- বটাোৱাৰা কৰিবলৈ এটা নেটৱৰ্ক গঠনৰ পোষকতা কৰে।
অসমত নৱজাতক আৰু প্ৰসূতি মাতৃৰ ৰোধ কৰাৰ বাবে সকলোকে শূন্য সহনশীলতা বজাই ৰাখিবলৈ মুখ্যমন্ত্ৰী জনে এক ফেচবুক পোষ্ট জৰিয়তে সকলোকে আহ্বান জনাই আৰু বাল্যবিবাহৰ বলি হোৱা একাংশ কন্যাৰ বাবে প্ৰয়োজনীয় যিকোনো পুনৰ্বাসনৰ ব্যৱস্থা প্ৰদান কৰাৰ বাবে উপায়ুক্তসকলক অতি সোনকালে চৰকাৰৰ সৈতে যোগাযোগ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। লগতে তেওঁ জিলাসমূহৰ আৰক্ষী অধীক্ষক আৰু অন্যান্য আৰক্ষী বাহিনীক বাল্যবিবাহৰ বিৰুদ্ধে চলোৱা অক্লান্ত অভিযানৰ বাবে মুখ্যমন্ত্ৰীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।