হাইলাকন্দি : পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। এইবাৰ হাইলাকন্দিত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। হাইলাকন্দি আৰক্ষীৰ এনকাউণ্টাৰত নিহত কয়লা মাফিয়া। হাইলাকন্দি আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱা কয়লা মাফিয়াজনৰ নাম আব্দুল আহাদ চৌধুৰী।

হাইলাকন্দি আৰক্ষীৰ গুলীত নিহত হৈছে কুখ্যাত কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰী। শনিবাৰে নিশাৰ ভাগত সংঘটিত হয় এই এনকাউণ্টাৰৰ ঘটনা। নিশা প্ৰায় ১.৩০ বজাত হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ সীমান্তৱৰ্তী লক্ষ্মীনগৰত আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় কয়লা মাফিয়াজন।

জানিব পৰা মতে শনিবাৰে আৰক্ষীয়ে কুখ্যাত কয়লা মাফিয়াজনক গ্ৰেপ্তাৰ কৰাৰ পিছত স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ সময়ত পলায়নৰ চেষ্টা কৰে। কয়লা মাফিয়াজন আৰক্ষীক লক্ষ্য কৰি গুলী চালনা কৰি পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়।

লগতে পঢ়ক – কৰিমগঞ্জত বিদ্যুৎপৃষ্ট হৈ দুটা হোলোক গিবনৰ মৃত্যু; আহত এটা

আৰক্ষীৰ গুলীত থিতাতে নিহত হয় কুখ্যাত কয়লা মাফিয়াজন। বৰ্তমান কয়লা মাফিয়াজনৰ মৃতদেহ হাইলাকান্দি এচ কে ৰায় অসামৰিক হাস্পতালৰ মাৰ্গত আছে। কয়লা মাফিয়াজনৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোচৰ ৰুজু হৈ আছে। বৰাক উপত্যকাত অবৈধ কয়লা ব্যবসায়ৰ মূখ্য অভিযুক্ত আছিল আব্দুল আহাদ চৌধুৰী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply