গুৱাহাটী : ইটোৰ পিছত সিটো এনকাউণ্টাৰ। ইজনৰ পিছত সিজন অপৰাধীক লক্ষ্য কৰি আৰক্ষীৰ গুলী। ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিংকু শৰ্মাক আৰক্ষীয়ে গুলীওৱাৰ পিছত এইবাৰ কোকেইন সৰবৰাহকাৰী বিশাল চৌধুৰীৰ ভৰিত লাগিল আৰক্ষীৰ গুলী।

কিছুদিন পূৰ্বে মহানগৰী গুৱাহাটীৰ খাৰঘুলীত মহানগৰ আৰক্ষীয়ে উৎখাত কৰিছিল এক ড্ৰাগছৰ পাৰ্টী। জন্মদিন পালনৰ নামৰ অনুষ্ঠিত কৰা ড্ৰাগছৰ পাৰ্টীৰ পৰা আৰক্ষীয়ে পুৰুষ-মহিলাসহ ১৮ জনক গ্ৰেপ্তাৰ কৰিছিল। বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ লগতে আৰক্ষীয়ে প্ৰথম বাৰৰ বাবে এই ড্ৰাগছৰ পাৰ্টীত জব্দ কৰিছিল কোকেইন।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্ত চলাই ড্ৰাগছৰ পাৰ্টীৰ বাবে কোকেইন যোগান ধৰা বিশাল চৌধুৰীক দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰি অসমলৈ আনিছিল। কোকেইন যোগান ধৰা বিশাল চৌধুৰী এইবাৰ গুলীবিদ্ধ হৈছে আৰক্ষীৰ গুলীত। বিশাল চৌধুৰীৰ ভৰিত আৰক্ষীৰ দুটা গুলী লাগিছে।

লগতে পঢ়ক : এইবাৰ নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিংকু শৰ্মাক গুলীয়ালে আৰক্ষীয়ে

গুলীবিদ্ধ বিশাল চৌধুৰী বর্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। শনিবাৰে নিশাৰ ভাগত বিশাল চৌধুৰী আৰক্ষীৰ কবলৰ পৰা পলায়ন কৰাৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে বিশাল চৌধুৰীৰ ভৰিত লক্ষ্য কৰি গুলী চালনা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,282 other subscribers

Leave a comment

Leave a Reply