গুৱাহাটী : গুৱাহাটী মহানগৰীৰ ড্ৰাগছৰ পাৰ্টীত কোকেইন যোগান ধৰা সৰবৰাহকাৰী গ্ৰেপ্তাৰ। কোকেইন যোগান ধৰা ধৃত সৰবৰাহকাৰীজনৰ নাম বিশাল চৌধুৰী। দিল্লীৰ বাসিন্দা বিশাল চৌধুৰীক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বিশাল চৌধুৰীয়ে কুৰিয়াৰ যোগে খাৰঘুলীৰ ড্ৰাগছৰ পাৰ্টীৰ বাবে কোকেইন প্ৰেৰণ কৰিছিল।
মহানগৰী গুৱাহাটীৰ খাৰঘুলীৰ ড্ৰাগছৰ পাৰ্টী সন্দৰ্ভত অসম আৰক্ষীয়ে তদন্তৰ অব্যাহত ৰাখিছে। ইয়াৰ মাজতে এই ড্ৰাগছৰ পাৰ্টীৰ বাবে কোকেইন যোগান ধৰা ব্যক্তিজন গ্ৰেপ্তাৰ হৈছে। দিল্লীৰ বিশাল চৌধুৰী নামৰ এজনে এই ড্ৰাগছৰ পাৰ্টীৰ বাবে কোকেইন যোগান ধৰিছিল আৰু বিশাল চৌধুৰীক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বিশাল চৌধুৰী গ্ৰেপ্তাৰ হোৱাৰ পিছত আৰক্ষীৰ তদন্ত আৰু ক্ষিপ্ৰতা লাভ কৰিব।
এই ঘটনাই এতিয়া আৰক্ষীক বহু নতুন নতুন দিশৰ সন্ধান দিয়া পৰিলক্ষিত হৈছে ৷ অসম আৰক্ষীৰ এক শীৰ্ষ সুত্ৰৰ পৰা জানিব পৰা মতে ১৩ আগষ্টত ৰিভেইৰাৰ পৰা গ্ৰেপ্তাৰ কৰা সকলৰ মাজত থকা অন্যতম অভিযুক্ত অশোক বৰ্মনেই হৈছে গুৱাহাটীকে ধৰি অসমৰ ভিন ভিন স্থানৰ অভিজাত লোকৰ মাজত কোকেইন যোগান ধৰা মূল মানুহ ।
আৰক্ষীৰ সুত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি যোৱা প্ৰায় ছমাহে এইদৰে কুৰিয়াৰত অশোক বৰ্মনলৈ কোকেইন আহি আছিল আৰু সেই অনুসৰি এই কোকেইন আঢ্যৱন্ত লোকৰ মাজত তেওঁ যোগান ধৰি আহিছিল ।
উল্লেখ্য যে যোৱা ১৩ আগষ্টৰ নিশা মহানগৰী গুৱাহাটীৰ খাৰঘুলীত অনুষ্ঠিত হৈছিল এক ড্ৰাগছৰ পাৰ্টী। আৰক্ষীয়ে এই ড্ৰাগছৰ পাৰ্টীত অভিযান চলাই ১৮ জনকৈ পুৰুষ-মহিলাক গ্ৰেপ্তাৰ কৰিছিল। ড্ৰাগছৰ এই পাৰ্টীৰ পৰা আৰক্ষীয়ে বিভিন্ন ধৰণৰ ড্ৰাগছৰ লগতে কোকেইন জব্দ কৰিছিল।
লগতে পঢ়ক : ‘হিল কুইন’ৰ ঠাই ললে ‘ভিষ্টাড’ম’ : ৰে’লেৰে উপভোগ কাৰকৰ সৌন্দৰ্য
উল্লেখ্য যে মহানগৰী গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে কোকেইন জব্দ হৈছিল খাৰঘুলীৰ ড্ৰাগছৰ পাৰ্টীত। ৪ গ্ৰাম জব্দ হোৱা এই কোকেইন পাৰ্টী অমৃত বৰুৱা নামৰ এজন লোকৰ জন্মদিন উদযাপন উপলক্ষে বিকাশ জৈনৰ ঘৰত অনুষ্ঠিত হৈছিল।যোৱা ১৩ আগষ্টত গুৱাহাটীৰ খাৰঘূলিত থকা ৰিভেইৰা এপাৰ্টমেন্টত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল গুৱাহাটীৰ কেইবাজনো বিত্তশালী অভিজাত পৰিয়ালৰ লোকক ।