গুৱাহাটীঃ আজিৰে পৰা মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়েও লাভ কৰিব অসম ভৱন আৰু আৱৰ্ত্ত ভৱনত থকাৰ সুবিধা। পূৰ্বতে, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা বিষয়া-কৰ্মচাৰী সকলৰ বাবে অসম ভৱন আৰু আৱৰ্ত্ত ভৱনত চৰকাৰী কৰ্মচাৰী হিচাবে কোনো সা-সুবিধা নাছিল। অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে ৰাজ্যৰ প্ৰাদেশীকৃত,চৰকাৰী,স্বায়ত্ত্ব শাসিত মহাবিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী তথা বিষয়াবৰ্গৰ সুবিধাৰ্থে সোমবাৰৰ পৰা এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।
উল্লেখ্য যে, তেওঁলোকে চৰকাৰী কৰ্মচাৰী হিচাবে সকলো সুবিধা লাভ কৰাৰ উপৰিও চৰকাৰী নিৰিখৰ ভাড়াতে অসম ভৱন বা আৱৰ্ত্ত ভৱনত থাকিব পাৰিব।