গুৱাহাটীঃ ৰাজ্যত উচ্চ শিক্ষাৰ নামত চলিছে এতিয়া বৰ্ণবাদ। মহাবিদ্যালয় সমূহত নামভৰ্তিৰ বাবে জাতিগত তথ্য বিচৰা কাৰ্যক লৈ একাংশ মহাবিদ্যালয়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক।

বৰ্তমান মহাবিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে জাৰি কৰিছে অনলাইন প্ৰ-পত্ৰ ।

এনে সময়তে অসমৰ কেইখনমান মহাবিদ্যালয়ৰ নামভৰ্তিৰ প্ৰক্ৰিয়াত চকু কপালত উঠিছে সচেতন ৰাইজৰ।

স্নাতক পৰ্যায়ত নামভৰ্তিৰ নামত ৰাজ্যৰ একাংশ আগশাৰীৰ শিক্ষানুষ্ঠানে বৰ্ণবাদৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈছে। সন্দিকৈ ছোৱালী মহাবিদ্যালয়, আৰ্যবিদ্যাপীঠ মহাবিদ্যালয় ,কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়কে ধৰি প্ৰায় ১১খন মহাবিদ্যালৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে।

মহাবিদ্যালয়সমূহে নাম ভৰ্তিৰ বাবে জাৰি কৰা প্ৰ-পত্ৰত বাধ্যতামূলক “জাতি” শাখাত উল্লেখ আছে ব্ৰাহ্মণ, গণক, কলিতা, কায়স্থ, শুদ্ৰ আৰু বৈশ্য।

লগতে পঢ়কঃজল জীৱন আঁচনিৰ শুভাৰম্ভ হ’ল কিন্ত ৰাইজে পানী নাপালে

উচ্চ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বৰ্ণগত তথ্যৰ প্ৰযোজন কি এইলৈ এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে।

ইফালে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে এই সন্দৰ্ভত মন্তব্য কৰিছে। শিক্ষামন্ত্ৰী গৰাকীয়ে কয়, ”অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাহিৰে কোনো জাতি বা বৰ্ণগত তথ্য বিদ্যালয় বা মহাবিদ্যালয়ত নামভৰ্তিৰ সময়ত প্ৰয়োজন নহয়। এই সম্পৰ্কত চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ নিৰ্দেশনা দিয়া হোৱা নাই। যদি কোনো শিক্ষানুষ্ঠানে এনে তথ্য বিচাৰিছে, তেন্তে তাক প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনালোঁ।”

চৰকাৰে এই নামভৰ্তিৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত জাতিগত তথ্যৰ বাবে কোনো নিৰ্দেশনা প্ৰদান নকৰাকৈ ব্যক্তিগত ভাৱে এই সমূহ মহাবিদ্যালয়ে গ্ৰহণ কৰা এনে কাৰ্যত শিক্ষাৰ ক্ষেত্ৰত বৰ্ণবাদৰ নীতিক পুনৰ উদঙাই দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply