সোণাৰি: নাগালেন্ডৰ মন জিলাত ভয়ংকৰ ঘটনা। ২১পেৰা কামাণ্ডোৰ গুলীবৰ্ষণত নীৰিহ জনতাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। NSCN (K)ৰ সন্দেহত নিৰাপত্তাৰক্ষীয়ে দুজনক গুলীয়াই হত্যা কৰাৰ পাছতে উত্তপ্ত পৰিৱেশ সৃষ্টি কৰিলে নগাই।

জানিবপৰা মতে নাগালেন্ডৰ মন জিলাৰ তিৰুস্থিত কয়লাখনিৰপৰা উভতি অহা দুজন লোকক নগা উগ্ৰপন্থী সদস্য বুলি সন্দেহ কৰি পেৰা কামাণ্ডোৱে গুলীবৰ্ষণ কৰাত থিতাতে নিহত হয় লোক দুজন। এই সন্দৰ্ভত খবৰ বিয়পি পৰাত নাগালেন্ডৰ অ’টিংবস্তিৰ বাসিন্দাসকল জাঙুৰ খাই উঠে আৰু ৰাস্তাৰ কাষত এম্বুছ কৰি থকা নিৰাপত্তাৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰা লগতে আক্ৰমণ কৰে ।

ইয়াৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উত্তেজিত জনতাৰ ওপৰত গুলীচালনা কৰাত ১৪ জন নীৰিহ লোক নিহত হয় । আনহাতে এই ঘটনাত সেনাৰ এগৰাকী লোক নিহত হোৱাৰ ওপৰিও সাতজন গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে। আহতসকলৰ ভিতৰত পংকজ নাগ, সুভাস বসুমতাৰী, পূৰণ ভুৰি, অজয় তুৰাত, মান সিং, দুটাৰাম ঘালে, হৰেন্দ্ৰ থাপাক চিনাক্ত ।

নিহত কামাণ্ডোজনৰ নাম গৌতম লাল বুলি জানিব পৰা গৈছে। আহত লোককেইজনক সোণাৰিৰ ৰজাপুখুৰীস্থিত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে গুৰুতৰভাৱে আহতসকলক ডিব্ৰুগড়ত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। নিশা প্ৰায় আঠ বজাত সংঘটিত এই ঘটনাৰ ফলত হতাহতৰ সংখ্যা এতিয়াও সঠিককৈ তথ্য এতিয়াও পোহৰলৈ অহা নাই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply