অসমৰ চাফাই কৰ্মচাৰী সকলৰ বাবে ভাল খবৰ। তেওঁলোকৰ জীৱনটো সুন্দৰ কৰাৰ বাবে অসম চৰকাৰে হাতত ল’ব কিছু পদক্ষেপ। ২০২৩-২৪ বৰ্ষৰ বাজেটত চাফাই কৰ্মচাৰীসকলৰ এক ৰূপৰেখা দেখা পোৱা যাব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
লগতে তেওঁ কয় যে চাফাই কৰ্মচাৰীৰ বাবে এখন আয়োগ গঠন কৰা হ’ব। চৰকাৰৰ এই পদক্ষেপ দ্বাৰা যি সকল চাফাই কৰ্মচাৰীৰ ল’ৰা-ছোৱালীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰে তেওঁলোকক সহায় কৰা হ’ব।
উল্লেখ্য যে বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ পেক্ষাগৃহত আয়োজিত গুৱাহাটী মহানগৰীৰ চাফাই কৰ্মীৰ পৰিয়ালৰ সন্তানসকলৰ সৈতে “আলোকৰে যাত্ৰাৰে” শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকি নৱপ্ৰজন্মৰ প্ৰতিনিধি সকলৰ সৈতে অন্তৰংগ আলাপ কৰে মুখ্যমন্ত্ৰীয়ে।