নগাঁও: কমনৱেলথ গেমছত সোণৰ পদক বিজয়ী নয়নমণি শইকীয়াক অভিনন্দন জ্ঞাপন কৰি আজি নগাঁৱত ‘অভিনন্দন নয়ন মণি’ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়।
নগাঁৱৰ জিলা বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত উক্ত অভিনন্দন জ্ঞাপন অনুষ্ঠানটোত বাৰ্মিংহামৰ পৰা ভিডিঅ’ কলৰ জৰিয়তে সংযোগ হৈ শইকীয়াই মত বিনিময় কৰাৰ লগতে তেওঁলৈ আগবঢ়োৱা মৰম আৰু আশীৰ্বাদৰ বাবে অসমবাসীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
বন বিভাগৰ কৰ্মচাৰী নয়নমনিৰ এই অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে নগাঁও বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে জিলা ক্ৰীড়াসন্থাৰ খেলুৱৈ আৰু বিষয়ববীয়াসকল।
উল্লেখযোগ্য যে ভাৰতৰ মহিলা লন বল দলটোৱে চলিত কমনৱেলথ গেমছত দক্ষিণ আফ্ৰিকাক ১৭-১০ পইন্টৰ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক জয় কৰিবলৈ সক্ষম হয়।
আজিৰ এই অনুষ্ঠানত নয়নমণিক ভিডিঅ’ কল যোগে সকলোৱে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
লগতে পঢ়ক – ১৩ তম Indian Film Festival লৈ মনোনীত ‘Boomba Ride’