নিউজ ডেস্কঃ আয়ুষ্মান কার্ড প্ৰদানত অসমৰ কোনো কোনো ঠাইত দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপনৰ পিছতেই তৎপৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অভিযোগ অনুসৰি, ধনৰ বিনিময়ত মুকলি বজাৰত অপাৰেটৰ আই ডি অবৈধভাৱে কিনা-বেচা কৰা হৈছে।

অভিযোগ উত্থাপনৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে আয়ুষ্মান কার্ড প্ৰদানৰ প্ৰক্ৰিয়াত হোৱা দুৰ্নীতি নিৰ্মূলৰ বাবে কঠোৰ নিৰ্দেশনা প্ৰদান কৰে।

ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এক বিবৃতি যোগেদি জনাই যে, আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত দৰিদ্ৰ লোকক আয়ুষ্মান কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়াত ৰাজ্যৰ কোনো কোনো ঠাইত ব্যাপক দুর্নীতি সংঘটিত হোৱা ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ হোৱাত কার্ড প্ৰদানৰ দায়িত্ব থকা তিনিটা কোম্পানীক তৎকালীন ভাৱে দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে।

লগতে বিবৃতিটোত স্পষ্ট কৰি দিয়ে যে, এতিয়া পৰা ৰাজ্য চৰকাৰে পোনপটীয়াকৈ ৰাজ্যৰ দৰিদ্ৰ লোকসকলক আয়ুষ্মান কাৰ্ড প্ৰদান কৰিব ।

লগতে, এই সন্দৰ্ভত দুর্নীতি-অনিয়মত লিপ্ত হোৱা ব্যক্তি তথা প্ৰতিষ্ঠান বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সকলো জিলাৰ আৰক্ষী অধীক্ষকলৈ নিৰ্দেশ জাৰি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply