হাটশিঙিমাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰীত আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকক লিখিত অভিযোগ। সুখচৰ থানাৰ এল চি অখিৰুল খান্ধকাৰৰ বিৰুদ্ধে বিভিন্ন অপৰাধমূলক কাম কৰাৰ অভিযোগ।

এল চিৰ দায়িত্ব লাভ কৰাৰ পিছৰে পৰা অখিৰুল খান্ধকাৰে মদ, ভাং সেৱন কৰি সাধাৰণ জনতাক ভয় দেখুৱাই অহাৰ অভিযোগ উত্থাপন হৈছে। থানাত এজাহাৰ দিবলৈ অহা লোকৰ পৰা বলপূৰ্বক ধন লোৱাৰো অভিযোগ উত্থাপন হৈছে অখিৰুল খান্ধকাৰৰ বিৰুদ্ধে।

অখিৰুল খান্ধকাৰ গৰুৰ চোৰাং ব্যৱসায়ীৰ লগত গোপন বুজাবুজি কৰি চোৰাং গৰুৰ চিণ্ডিকেট চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইয়াকে লৈ বুধবাৰে স্থানীয় ৰাইজে আৰক্ষী অধীক্ষকক এখন লিখিত অভিযোগ দাখিল কৰি অখিৰুল খান্ধকাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱাৰ দাবী জনাইছে।

লগতে পঢ়ক : বক্সাৰ লাভলিনা বৰগোহাঁইলৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহাৰ্য

অখিৰুল খান্ধকাৰক সুখচৰৰ পৰা বদলি কৰিবলৈ আৰক্ষী অধীক্ষকক আহ্বান জনাইছে স্থানীয় ৰাইজে। উল্লেখ্য যে সুখচৰ আৰক্ষীৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা জব্দ কৰা গৰু গোপনে গৰু বেপাৰীৰ হাতত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply