নিউজ ডেস্ক : অসম আৰক্ষীৰ বিৰুদ্ধে অপহৰণৰ দৰে এক গুৰুত্বপূৰ্ণ অভিযোগ আনিছে চুবুৰীয়া ৰাজ্য মিজোৰামে।

অসম-মিজোৰাম সীমান্তত অসম আৰক্ষীৰ জোৱানে এগৰাকী শ্ৰমিকক অপহৰণ কৰি অত্যাচাৰ চলোৱা বুলি মিজোৰামৰ কোলাচিব জিলাৰ উপায়ুক্তই অনা অভিযোগ খণ্ডন কৰিছে অসম চৰকাৰে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰেহা ইলাকান্দিৰ উপায়ুক্তলৈ লিখা পত্ৰত কোলাচিব জিলাৰ উপায়ুক্ত গৰাকীয়ে অসম-মিজোৰাম সীমান্তৰ আইটলাং অঞ্চলৰ পৰা লালনাৰামাৱিয়া নামৰ এগৰাকী মিজো নিৰ্মাণ শ্ৰমিকক বন্দুক দেখাই চকু বন্ধ কৰি অপহৰণ কৰি নিয়া বুলি উল্লেখ কৰিছিল।

অৱশ্যে অসম চৰকাৰে চুবুৰীয়া ৰাজ্যখনে অনা এই অভিযোগ খণ্ডন কৰি ইয়াক সম্পূৰ্ণৰূপে ভিত্তিহীন আৰু মনেসজা বুলি দাবী কৰে।

ইষ্টম’জ’ৰ সংবাদদাতাৰ সৈতে হোৱা সাক্ষাৎকাৰত হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে কয়, ‘মিজোৰাম প্ৰশাসনে অসমৰ মাটিত চলাই থকা অবৈধ নিৰ্মাণকাৰ্য্য চলাই থকা বিষয়টোক বিপথে পৰিচালিত কৰাৰ উদ্দেশ্যে এইধৰণৰ ভিত্তিহীন, মনেসজা আৰু উদ্দেশ্যপ্ৰণোদিত অভিযোগ তুলিছে।’

লগতে পঢ়ক : আন্তৰাষ্ট্ৰীয় সমৰ্থন লৈ তালিবানৰ নতুন চৰকাৰ গঠনৰ দিশত

যোৱা ২৬ আগষ্টত হাইলাকান্দিৰ বিলাইপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ঢলাখাল অঞ্চলত মিজোৰামে দুটা শিবিৰ স্থাপন কৰা দেখা পাই জিলাখনৰ উপায়ুক্ত আৰু বন বিষয়াৰ সৈতে তেওঁ কোলাচিব জিলা প্ৰশাসনলৈ পত্ৰ প্ৰেৰণ কৰিছিল বুলি উপাধ্যায়ে লগতে কয়।

কিন্তু মিজোৰামৰ ফালৰ পৰা উক্ত পত্ৰৰ কোনো সঁহাৰি পোৱা নগ’ল বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে জানিহবলৈ দিয়ে।

ইষ্টম’জ’ৰ সংবাদদাতাই লাভ কৰা তথ্য মতে হাইলান্দি মহকুমা বন বিষয়া জে ডেকাই যোৱা ২৭ আগষ্টত হাইলাকান্দিৰ উপায়ুক্তক মিজোৰামে দুয়োখন ৰাজ্যৰ সীমান্ত অঞ্চলত কেম্পৰ নিৰ্মাণকাৰ্য্য চলাই থকা বুলি পত্ৰ যোগে অৱগত কৰিছিল।

উক্ত তথ্যৰ আলমত হাইলাকান্দিৰ উপায়ুক্ত ৰোহন কুমাৰ ঝাই কোলাচিবৰ উপায়ুক্ত গৰাকীক যোৱা ৫ আগষ্টত দুয়োখন ৰাজ্যই গ্ৰহণ কৰা বুজাবুজিক সন্মান জনাই উক্ত নিৰ্মাণকাৰ্য্য বন্ধ কৰিবলৈ এক পত্ৰ যোগে অনুৰোধ জনাইছিল। কিন্তু তেওঁ উক্ত পত্ৰৰ কোনো প্ৰত্যুত্তৰ নাপালে।  

ইংৰাজীত পঢ়ক : Concocted, baseless: Assam govt refutes claims of assaulting Mizo worker

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply