নিউজ ডেস্ক: ৰাজ্যসভাৰ আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। দলটোৱে অসমৰ পৰা জ্যেষ্ঠ নেতা ৰিপুন বৰাৰ নাম ৰাজ্যসভাৰ প্ৰাৰ্থী ৰূপে ঘোষণা কৰিছে।
শুকুৰবাৰে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে অসমৰ ৰিপুন বৰা আৰু কেৰেলাৰ জেবি মাথেৰৰ নাম ৰাজ্যসভাৰ প্ৰাৰ্থী ৰূপে সন্মতি প্ৰকাশ কৰে বুলি দলটোৱে এক বিজ্ঞপ্তি যোগে প্ৰকাশ কৰে।
উল্লেখযোগ্য যে অহা ৩১ মাৰ্চত ৬ ৰাজ্যৰ ১৩টা ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।
অহা ২ এপ্ৰিলত অসম, হিমাচল প্ৰদেশ, কেৰেলা, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ সাংসদে অৱসৰ গ্ৰহণ কৰাৰ বিপৰীতে ৯ এপ্ৰিলত পঞ্জাবৰ ৫ গৰাকী সাংসদে অৱসৰ গ্ৰহম কৰিব।
আনহাতে বিজেপি দলেও ইতিমধ্যে ৰাজ্যসভাৰ বাবে অসমৰ পৰা পবিত্ৰ মাৰ্ঘেৰিটাৰ নাম ঘোষণা কৰিছে।
লগতে পঢ়ক – বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা, আনুষ্ঠানিক ঘোষণা