গুৱাহাটীঃ ‘কাঁ’ চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰদৰ্শনৰ বাবে আমন্ত্ৰিত “বুম্বা ৰাইড” নামৰ চলচ্চিত্ৰখন। ছবিখনৰ প্ৰযোজক লুইত কুমাৰ বৰ্মন প্ৰমুখ্যে চলচ্চিত্ৰখনৰ লগত জড়িত কলা-কুশলী সকলক দেওবাৰে সন্ধিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এটা প্ৰতিনিধি দলে অভিনন্দন জ্ঞাপন কৰে।
সাধাৰণ সম্পাদকদ্বয় অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আৰু ৰামান্না বৰুৱা, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, প্ৰদেশ সেৱা দলৰ সভাপতি দীপ বায়ন, দলৰ উপ-সভানেত্ৰী ৰূপা দেউৰী, প্ৰদেশ কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ৰাতুল কলিতা প্ৰমুখ্যে এটা কংগ্ৰেছ প্ৰতিনিধি দলে লুইত কুমাৰ বৰ্মনৰ গৃহলৈ গৈ চলচ্চিত্ৰখনৰ লগত জড়িত কেইবাগৰাকীও শিল্পী, প্ৰযোজক লুইত কুমাৰ বৰ্মনকে ধৰি সমগ্ৰ দলটোক সম্ভাষণ জনায়। অসমীয়া চলচ্চিত্ৰ আন্তৰ্জাতিক পৰ্যায়ত সমাদৃত হোৱাৰ পিছতো অসম চৰকাৰে এইসকল কৃতি কলা-কুশলীৰ প্ৰতি চৰম অৱহেলাসূচক মনোভাৱ পোষণ কৰা কাৰ্যক দলটোৱে কঠোৰ ভাষাৰে নিন্দা কৰে আৰু অসমৰ ৰাইজে উদ্যোগটোক জীয়াই ৰাখিব বুলি আশা প্ৰকাশ কৰে।