নিউজ ডেস্ক-আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে
‘কংগ্ৰেছৰ ৫ গেৰাণ্টি’ প্ৰচাৰ অভিযান গীতটো উন্মোচন কৰে।

‘কংগ্ৰেছৰ ৫ গেৰাণ্টি’ আশ্বাসৰ জৰিয়তে ৰাজ্যখনত শান্তি আৰু সমৃদ্ধিৰ বাবে দলে দাঙি ধৰা দূৰদৃষ্টি ৰূপায়ণত কংগ্ৰেছৰ সৈতে হাত উজান দিবলৈ গীতটোত অসমৰ ৰাইজৰ প্ৰতি আহ্বান জনোৱা হৈছে।

চাহ শ্ৰমিকসকলে লাভ কৰিব সুখৰ এটা গেৰাণ্টি, কাৰণ এই গেৰাণ্টিৰ জৰিয়তে কংগ্ৰেছে তেওঁলোকৰ দৈনিক মজুৰি ৩৬৫ টকালৈ বৃদ্ধি কৰা হ’ব বুলি অংগীকাৰ কৰিছে।

ইয়াৰ লগতে কংগ্ৰেছ শাসনৰ অধীনত আপোন মহিমাৰে মহীয়ান হৈ জিলিকি উঠিব অসমৰ নাৰীশক্তি, কাৰণ ৰাজ্যখনৰ গৃহিণীসকলে কৰা অক্লান্ত শ্ৰমৰ স্বীকৃতি স্বৰূপে, তেওঁলোকক বিত্তীয় স্বচ্ছতাৰ আশ্বাস দি মাহিলী ২০০০ টকাকৈ দিয়া এটা আৰ্থিক সকাহৰ জৰিয়তে কংগ্ৰেছ দলে তেওঁলোকক ‘সন্মানৰ’ গেৰাণ্টি দিছে।

গীতটোত লগতে এই কথাৰ ওপৰতো আলোকপাত কৰা হৈছে যে কংগ্ৰেছক ৰাইজে ভোট দি ক্ষমতাত অধিষ্ঠিত কৰাৰ পাছত অসমৰ প্ৰতিখন গাঁও আৰু চহৰ জ্যোতিৰে উদ্ভাসিত হৈ উঠিব।

দলে অসমৰ প্ৰতিটো পৰিয়ালক প্ৰতি মাহে ২০০ ইউনিটকৈ বিনামূলীয়া বিজুলী প্ৰদানৰ গেৰাণ্টি দিছে, যাৰদ্বাৰা প্ৰতিটো পৰিয়ালে মাহে ১৪০০ টকাকৈ সঞ্চয় কৰিব পাৰিব।

গীতটিৰ যৱনিকা পৰিছে এই কথা উল্লেখেৰে যে, কা আইন প্ৰত্যাহাৰ কৰি কংগ্ৰেছে অসমৰ ভাষা, সংস্কৃতি আৰু গৌৰৱ সুৰক্ষিত কৰিব।

কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতীকচিহ্ন হাতৰ বুটাম টিপি অসমৰ ৰাইজেঅ আদৰি আনিব সমৃদ্ধি আৰু সম্প্ৰীতিৰ এটা নতুন যুগ, কাৰণ কংগ্ৰেছ আহি আছে ‘৫ গেৰাণ্টিৰ’ সৈতে।

উক্ত অনুষ্ঠানত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক শ্ৰী ৰনদ্বীপ সিং সুৰ্জেৱালা, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ গৌৰৱ বল্লভ, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সমন্বয়ক অভয় ডুবে, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথিৰাজ সাথেও উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply