গুৱাহাটী- অসমৰ বিভিন্ন মাধ্যমৰ যোগেদি আৰু দুটা ভিডিঅ’ বিজ্ঞাপনৰ উন্মোচন কৰা হয়। ভাওনাৰ আধাৰত কা বিৰোধী ভিডিঅ’ বিজ্ঞাপনৰ সফলতাৰ পিছত আজি আৰু দুটা ভিডিঅ’ বিজ্ঞাপনৰ উন্মোচন কৰা হয়। এই ধাৰাবাহিক ভিডিঅ’ সমূহে দলে ঘোষণা কৰা গেৰাণ্টি সমূহ মানুহৰ মাজলৈ লৈ যাব। কংগ্রেছৰ ৫ গেৰাণ্টি অভিযানৰ আঁচনি সমূহ এই ভিডিঅ’ বিজ্ঞাপনৰ জৰিয়তে মানুহৰ মাজলৈ লৈ যোৱা হ’ব।

দ্বিতীয় ভিডিঅ’ বিজ্ঞাপন টোৱে অসমৰ গৃহিনী সকলক সন্মান স্বৰূপে মাহিলী ২০০০ টকাকৈ অনুদান দিয়াৰ গেৰাণ্টিৰ কথা ক’ব। জেষ্ঠ কংগ্রেছ বিশ্বাস কৰে যে গৃহিনী সকল সন্মানৰ যোগ্য হয়, সংসাৰ আৰু সমাজৰ প্ৰতি গৃহিনী সকলৰ অৱদান অপৰিসীম। তেওঁলোকৰ কামক প্ৰাপ্য বৈধতা প্ৰদান নকৰাটো এটা লাজৰ কথা। বৰ্তমান সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্যবৃদ্ধিয়ে গৃহিনী সকলক জুৰুলা কৰিছে।
এই ভিডিঅ’ বিজ্ঞাপনৰ জৰিয়তে অসমৰ গৃহিনী সকলক প্ৰতি মাহে ২০০০ টকাকৈ সন্মান হিচাপে দিয়াৰ গেৰাণ্টিৰ কথা ৰাইজৰ মাজলৈ লৈ যাব। কংগ্রেছ দলে বিশ্বাস কৰে যে পৰিয়ালৰ মেৰুদণ্ড স্বৰূপ গৃহিনী সকলক অৰ্থনৈতিক ভাৱে টনকিয়াল কৰাটো দৰকাৰ। এই ভিডিঅ’টিয়ে অসমৰ মহিলা সকলৰ দুখ-দুৰ্দশাৰ ওপৰত আলোকপাত কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply