শিলচৰ- শনিবাৰে শিলচৰ জিলাৰ কাছাৰৰ পৰা কংগ্রেছে তৃতীয় পৰ্যায়ৰ “কংগ্রেছৰ ৫ গেৰাণ্টি যাত্ৰা”ৰ আৰম্ভণি কৰে।
নিখিল ভাৰত কংগ্রেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে উন্মোচন কৰা এই যাত্ৰাত কংগ্রেছৰ কেম্পেইন কমিটিৰ অধ্যক্ষ তথা সাংসদ প্ৰদ্যুত বৰদলৈ, ইস্তাহাৰ কমিটিৰ অধ্যক্ষ তথা সাংসদ গৌৰৱ গগৈ, নিখিল ভাৰত মহিলা কংগ্রেছ কমিটিৰ অধ্যক্ষা সুস্মিতা দেৱ, শিলচৰ বিধানসভা সমষ্টিৰ কংগ্রেছ প্ৰাৰ্থী তামাল কান্তি বনিক উপস্থিত থাকে।
শনিবাৰে ৰাতিপুৱা ১১ বজাত শিলচৰ জিলা কংগ্রেছ কাৰ্যালয়ত মহিলা সকলৰ লগত মত বিনিময় কৰি এই যাত্ৰা আৰম্ভ কৰে।
যাত্ৰাৰ প্ৰাক মুহূৰ্তত জিতেন্দ্ৰ সিং, সুস্মিতা দেৱ, তামাল কান্তি বণিকে গান্ধীবাগ পাৰ্কত থকা ১৯৬২ ৰ ভাষা আন্দোলনত শ্বহীদ হোৱা বীৰ শ্বহীদৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।
তাৰ পিছতে জিতেন্দ্ৰ সিং আৰু সুস্মিতা দেৱে ফটক বজাৰত স্থানীয় ব্যৱসায়ী আৰু মহিলা সকলৰ লগত মত বিনিময় কৰে।
সুস্মিতা দেৱে কয় যে যিদৰে কংগ্রেছৰ ৫ গেৰাণ্টি যাত্ৰা চলি আছে, জেষ্ঠ কংগ্রেছ নেতা সকল নিশ্চিত যে কংগ্ৰেছৰ ৫ গেৰাণ্টিৰ সৈতে অসমবাসীয়ে এইবাৰ বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিক পৰাভূত কৰি এখন শান্তি-সমৃদ্ধিৰ অসম গঢ়িব।
ইয়াৰ পিছতে তেওঁলোকে মধ্যচহৰ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলৰ পিছতে কাছাৰ ক্লাৱত আয়োজিত এক সভাত যুৱক-যুৱতী সকলক সম্বোধন কৰি জিতেন্দ্ৰ সিং আৰু সুস্মিতা দেৱে আজিৰ দিনটোৰ যাত্ৰাৰ সামৰণি পেলায়।
মহিলা সকলৰ লগত হোৱা মত বিনিময়ৰ সময়ত গৃহিনী সকলক ২০০০ টকীয়া গেৰাণ্টি কাৰ্ড প্ৰদান কৰা হয় ।