প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

গুৱাহাটী- প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মাজত আৰু মাত্ৰ এটা দিন বাকী আছে। ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বোকা চতিওৱা ৰাজনীতি।

এইবাৰ ‘কা’ সন্দৰ্ভত শাসকীয় দল বিজেপিৰ বিৰুদ্ধে মুখ খুলিলে কংগ্ৰেছে।

”বিজেপি দিশহাৰা হৈছে কা-ৰ সন্দৰ্ভত। কা-ৰ সন্দৰ্ভত বিজেপিৰ দুমুখীয়া চৰিত্ৰ এতিয়া সম্পূৰ্ণৰূপে ফাদিল হৈছে ।

আৰু পঢ়কঃ লংকাত বিধংসী অগ্নিকাণ্ড

পশ্চিমবংগত, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দাবী কৰিছে যে যদিহে বিজেপি চৰকাৰ গঠিত হয়, তেন্তে কেবিনেটৰ প্ৰথমখন বৈঠকতে কা-ত অনুমোদন দিয়া হ’ব আৰু পশ্চিমবংগত ইয়াক তাৎক্ষণিকভাৱে বলবৎ কৰা হ’ব।

তামিলনাডুত বিজেপি নেতাসকলে কৈছে যে কোনো পৰিস্থিতিতেই ৰাজ্যখনত কা বলবৎ কৰা নহয়।

অসমত কা-ৰ সন্দৰ্ভত বিজেপি নেতাসকলে সম্পূৰ্ণ নিৰৱতা অৱলম্বন কৰিছে। সৰ্বানন্দ সোণোৱাল নিৰৱ, হিমন্ত বিশ্ব শৰ্মা নিৰৱ।

অসমত প্ৰধানমন্ত্ৰীয়ে বিষয়টোৰ সন্দৰ্ভত নিৰৱতা অৱলম্বন কৰিছে। অমিত শ্বাহেও তেওঁৰ ভাষণবোৰত বিষয়টো এৰাই চলিছে বুলিও উল্লেখ কৰে বিৰোধী দলটোৱে।

আৰু পঢ়কঃ শুকুৰবাৰে ভাৰত বন্ধ

আনহাতে, বাংলাদেশ সীমান্ত বন্ধ কৰি দিবলৈ বিজেপি নেতাসকলে অসমৰ ৰাইজৰপৰা আৰু পাঁচটা বছৰ বিচাৰিছে কিন্তু তেওঁলোকে অসমৰ ৰাইজক এই কথা নকয় যে যোৱা পাঁচ বছৰত তেওঁলোকে কি কি সফলতা আৰ্জন কৰিলে।

তেওঁলোকক আৰু পাঁচ বছৰ দিয়াৰ অৰ্থ হ’ব অসমৰ চৰকাৰ আৰু প্ৰশাসনৰ দায়িত্ব চোৰাং ব্যৱসায়ীৰ হাতত অৰ্পণ কৰা।

যোৱা ৫ বছৰে অসমত কোনো বিক্ষোভ প্ৰদৰ্শন কৰা হোৱা নাই বুলি গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্যত বিৰোধিতা কৰি কয় যে কৈছিল যে তেওঁ কেৱল মোহাৰি পেলাব খুজিছে অসমত হোৱা কা-বিৰোধী গণ আন্দোলনৰ স্মৃতি।

কা-বিৰোধী আন্দোলনৰ ছহিদসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ ওচৰলৈ যোৱাৰ বাবে বিজেপিৰ এজনো নেতাৰ সময় আৰু সহানুভূতি নাছিল বুলি বিৰোধী দলটোৱে উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply