মহাজোঁট

বিলাসী হোটেলত কটাই সময় পাৰ কৰা কংগ্ৰেছে ক’ভিডসৃষ্ট পৰিবেশত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীয়ে কোৰোনাৰ মুখামুখি হব পৰাকৈ ৰাজ্য প্ৰশাসনৰ সৈতে ব্যস্ত থকাৰ বাবেই মহাজোঁটে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ আনিছে ।


মহাজোঁটৰ মতে , অসমত নিৰ্বাচনী বিধি বলবৎ থকা স্বত্বেও অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে বিভিন্ন জিলাই জিলাই ভ্ৰমণ কৰি চৰকাৰী বিষয়াৰ লগত নিৰ্বাচনী বিধি বহিৰ্ভূত ভাৱে বৈঠকত মিলিত হৈছে ।

ইয়াৰ প্ৰতিবাদত মহাজোটৰ আটাইকেইটা দলৰ নেতৃত্বই ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।
তেওলোকৰ অভিযোগ পত্ৰত নিৰ্বাচনী বিধি উলংঘা কৰা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত, গড়কপ্তানী, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিয়ন্ত্ৰণ কৰিবলৈ কোৱা হৈছে।
আনহাতে,সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ প্ৰতিটো সমষ্টিৰ ভোট গণনা একেৰূপতে কৰিবলৈ আৰু সন্ধিয়া হোৱাৰ আগতে ভোট গণনা সমাপ্ত কৰিবলৈও আবেদন জনাই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply