খেৰণী : কাৰ্বি পাহাৰত জোঁটবন্ধনেৰে একত্ৰিত হ’ল কংগ্ৰেছ আৰু জিলাখনৰ আঞ্চলিক ৰাজনৈতিক দল এএচডিচি৷ পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি চাৰ্থে ক্ৰামছা আৰু জিলাখনৰ আঞ্চলিক ৰাজনৈতিক দল এএচডিচিৰ সভাপতি ৰামছিং টেৰাঙে অনু্ষ্ঠিত কৰা যুটীয়া সংবাদ মেলত এই কথা প্ৰকাশ কৰিছে দুয়োটা দলে৷

ইপিনে, জিলাখনৰ খেৰণিস্থত ডাক বাংলো’ত আয়োজিত যৌথ সংবাদ মেলত আঞ্চলিক দলটোৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ছাৰছিং ইংলেং আৰু কংগ্ৰেছ সভাপতি গৰাকীয়ে বিস্ফোৰক মন্তব্যৰে “ফাইড এগেইনষ্ট বিজেপি“ অৰ্থাৎ আগন্তুক কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ নিৰ্বাচনত শাসনাধিস্থ বিজেপিক পৰাভূত কৰাৰ সংকল্প গ্ৰহন কৰে৷

লগতে পঢ়ক : কাৰ্বি পাহাৰত কংগ্ৰেছ-এএচডিচিৰ জোঁটবন্ধনৰ নতুন ৰাজনৈতিক সমিকৰণ

তদুপৰি বিজেপিৰ জাতি-মাটিৰ শ্ল’গানৰ সমান্তৰালকৈ নৱ গঠিত জোঁটবন্ধনেও জৰ্জৰিত অসম-মেঘালয়ৰ সীমান্তৰ জাতি-মাটি সুৰক্ষা, স্বাযত্ব ৰাজ্যৰ দাবীৰ লগতে জিলাখনক ষষ্ঠ অনুসুচীত আইনৰ অধীনত জিলাবাসীক ৰক্ষা কৱচ প্ৰদানৰ দাবীৰে একত্ৰিত হোৱাৰ উপৰিও আগন্তুক নিৰ্বাচনত ঐক্যৱদ্ধ ভাৱে বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰাৰ সংকল্প ল’য় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply