গুৱাহাটী : অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সকলো মহিলাৰ ক্ষেত্রত ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই সন্দৰ্ভত নিৰ্বাচনী সভাত দিয়া তেওঁৰ ভাষণ মাথো এটা “ৰাজনৈতিক বিবৃতি আছিল, কোনো চৰকাৰী বিবৃতি” নহয় বুলি দিয়া মন্তব্যক অত্যন্ত নিন্দনীয় আখ্যা দিছে কংগ্ৰেছ দলে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰা এনে মন্তব্য তীব্ৰ গৰিহণা যোগ্য বুলি প্ৰকাশ কৰে।

ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক বিবৃতিযোগে প্ৰকাশ কৰে যে ড০ হিমন্ত বিশ্ব শৰ্মাই কেৱল ঋণ ৰেহাইক এক আকৰ্ষণীয় নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰাই নহয়, মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছতো বিধানসভাত আশ্বাস দিছিল যে মহিলা সকলক ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই সম্বন্ধে দিয়া প্ৰতিশ্ৰুতিবোৰ আখৰে আখৰে ৰক্ষা কৰা হ’ব। গতিকে সেই প্ৰতিশ্ৰুতি এতিয়া কেনেকৈ মাথো এটা ‘ৰাজনৈতিক বিবৃতি’ হৈ পৰিল? এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে সেই লাখ লাখ মহিলা ক্ষুদ্ৰ বিত্তীয় ঋণদাতাৰ কি হ’ব যি সকলে নিৰ্বাচনী সভাত বিপুল সংখ্যাত উপস্থিত হৈছিল আৰু তেতিয়াৰ বিত্ত মন্ত্ৰীৰ আশ্বাসক ‘শিলৰ ৰেখা’ বুলি বিশ্বাস কৰিছিল।

ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভা সমূহত ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই ক্ষেত্রত কিছুমান নিৰ্দেশনা প্ৰযোজ্য হ’ব বুলি এই নিৰীহ মহিলাসকলক কিয় কোৱা নাছিল বুলি কংগ্ৰেছ দলে প্ৰশ্ন কৰে। এতিয়া ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই ক্ষেত্রত এই নিৰ্দেশনা সমূহৰ ফলত লাখ লাখ মহিলা এই সুবিধাৰ পৰা বঞ্চিত হ’ব বুলিও বিবৃতিযোগে প্ৰকাশ কৰে কংগ্ৰেছ দলে। বিবৃতিযোগে কংগ্ৰেছ দলে বিজেপি দলটোক আক্ৰমণ কৰি কয় যে “পিছে এটা দলৰ নেতাৰ পৰা আৰু কি বেছি আশা কৰিব পাৰে যিটো দলে মাথো মিছা নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ ওপৰত ভিত্তি কৰিয়ে ক্ষমতা আহৰণ কৰি আহিছে ? ভোটাৰসকলে প্ৰতিজন নাগৰিকৰ বেংক একাউণ্টত ১৫ লাখ টকাৰ প্ৰতিশ্ৰুতি পাহৰিব নালাগে। তেনেদৰে নিবনুৱা যুৱক-যুৱতীসকলেও বছৰি ২ কোটি চাকৰিৰ প্ৰতিশ্ৰুতি পাহৰিব নালাগে। নিৰ্বাচনৰ সম্পত্তিৰ লগে লগে আমি এইটোও দেখিছোঁ যে কেনেকৈ তেওঁলোকে দৈনিক মজুৰি ৩৫১/- টকালৈ বৃদ্ধি কৰাৰ পূৰ্বৰ প্ৰতিশ্ৰুতি পালন নকৰি চাহ বাগিচাৰ সম্প্ৰদায়ক বিশ্বাসঘাতকতা কৰিছে। চাহ বাগিচাৰ সম্প্ৰদায়েও এই চৰম বিশ্বাসঘাতকতাক পাহৰিব নালাগে।”

কংগ্ৰেছ দলে লগতে বিবৃতিযোগে প্ৰকাশ কৰে যে বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰক মাথো এক ইভেণ্ট মেনেজমেণ্ট হিচাবে ব্যৱহাৰ কৰিছে, য’ত ৰাইজ একত্ৰিত কৰি তেওঁলোকৰ মিছা প্ৰতিশ্ৰুতি শুনোৱা হয়। দৰাচলতে তেওঁলোকৰ বাবে ঋণ ৰেহাই আছিল এক ‘ঝুমলা’ যিটো তেওঁলোকৰ এজন জ্যেষ্ঠ মন্ত্ৰীয়ে বিখ্যাতভাৱে স্বীকাৰ কৰিছে। অসমৰ মহিলাসকলে সকলো মহিলা ঋণ দাতাক ঋণ মাফ কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওলোটা খৰক লৈ বৃহৎ প্ৰতিবাদ কৰিছে আৰু তেওঁলোকে বিজেপিৰ শক্তিশালী মন্ত্ৰীজনৰ নিৰ্বাচনী ভাষণত বিশ্বাস ৰখাৰ বাবে আজি চৰম বিপদত পৰিছে তথা চৰকাৰৰ প্ৰতি আস্থা হেৰুৱাইছে। চৰকাৰৰ এজন দায়িত্বশীল মন্ত্ৰী তথা জ্যেষ্ঠ নেতাৰ ৰাজহুৱা আশ্বাস বিশ্বাস কৰাটোৱে এই সকল মহিলাৰ দোষ নেকি বুলিও প্ৰশ্ন কৰে কংগ্ৰেছ দলে।

লগতে পঢ়ক  : দুটাতকৈ অধিক সন্তান থকা পৰিয়ালে নাপাব অসম চৰকাৰৰ আঁচনিৰ সুবিধা

অসম বিজেপি চৰকাৰৰ এই বিশ্বাসঘাতকতাক অসমৰ নিৰীহ মহিলাসকলে কেতিয়াও পাহৰিব নোৱাৰে, ক্ষমা কৰিব নোৱাৰে বুলিও কয় কংগ্ৰেছে। বিবৃতি যোগে লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে দাবী কৰে ৰাজ্য চৰকাৰে মহিলা ঋণ দাতাৰ মুঠ সংখ্যা, চৰকাৰে গ্ৰহণ কৰা বিভিন্ন শ্ৰেণী আৰু নিৰ্দেশনা অনুসৰি কিমান গৰাকী মহিলাই ঋণ ৰেহাই লাভ কৰিবলৈ সক্ষম হ’ব আৰু তেওঁলোকৰ নিৰ্দেশনা অনুসৰি কিমান গৰাকী মহিলাই ঋণ ৰেহাই সুবিধাৰ পৰা বঞ্চিত হব, সেই সন্দৰ্ভত তৎক্ষণাৎ এখন শ্বেতপত্ৰ দাখিল কৰিব লাগে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply