বৰপেটা : কংগ্ৰেছৰ বেয়া দিন চলি আছে। কংগ্ৰেছ এই বেয়া দিনত ইজনৰ পিছত সিজনে দলটো ত্যাগ কৰিছে। এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী অঞ্জুৱাৰা বেগমে। বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিৰ পিছত বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দল ত্যাগ৷ মাত্ৰ দুদিন পূৰ্বে বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি তথা বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে বৰপেটা জিলা কংগ্ৰেছ সভাপতি পদৰ পৰা পদত্যাগ কৰিছে। ইয়াৰ পিছতে বৰপেটা কংগ্ৰেছত আঘাত হানি বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী অঞ্জুৱাৰা বেগমে সভানেত্ৰী পদৰ পৰা পদত্যাগ কৰিলে৷

মহিলা কংগ্ৰেছৰ সভানেত্ৰী গৰাকীয়ে সভানেত্ৰী পদৰ লগতে কংগ্ৰেছৰ সাধাৰণ সদস্য পদৰ পৰাও পদত্যাগ কৰিছে। অঞ্জুৱাৰা বেগমে কংগ্ৰেছ দলৰ সভানেত্ৰী মীৰা বৰঠাকুৰলৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে৷ কংগ্ৰেছ নেত্ৰী গৰাকীয়ে পদত্যাগ পত্ৰত দলত্যাগৰ কোনো কাৰণ উল্লেখ কৰা নাই যদিও দলীয় নেতৃত্বৰ ওপৰত অসন্তুষ্ট হৈ কংগ্ৰেছ ত্যাগ কৰা বুলি জানিবলৈ দিছে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে। পদত্যাগ সম্পৰ্কত নেত্ৰী গৰাকীয়ে সাংবাদিকক জনোৱামতে বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ ওপৰত অসন্তুষ্ট হৈয়েই তেওঁ কংগ্ৰেছ ত্যাগ কৰিবলগীয়া হৈছে।

লগতে পঢ়ক – অৱশেষত ফাদিল হ’ল ৰহস্য! দিছপুৰ কলেজে ঘূৰাই পাব হেকাৰে লুটি নিয়া ৭৬ লাখ টকা

অঞ্জুৱাৰা বেগমে লগতে কয় যে কংগ্ৰেছ দলৰ নেতৃত্বই সংশোধনৰ বাট নললে দলটো নিঃশেষ হৈ পৰিব৷ যি সময়ত দলটোৰ সন্মুখত সংকটে দেখা দিছে সেই সময়ত দলৰ ভিতৰত লেং মৰা ৰাজনীতি চলি আছে বুলিও এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে অঞ্জুৱাৰা বেগমে। দলটোৰ ভিতৰত লবিৰ ৰাজনীতি চলিছে আৰু একাংশই নিজৰ পছন্দৰ ব্যক্তিৰ বাদে আনক সন্মান দিব নিবিচৰা মানসিকতাৰ বাবেই ত্ৰিছ বছৰ ধৰি কংগ্ৰেছৰ সৈতে জৰিত হৈ থৰাৰ পিছতো অতি দুখেৰে কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হৈছোঁ বুলিও মন্তব্য কৰে অঞ্জুৱাৰা বেগমে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply