নিউজ ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত দেশৰ বহিঃৰাজ্যসমূহত চলি থকা ভাৰত জোড়ো যাত্ৰাৰ সমান্তৰালকৈ অসমতো এপিচিচিৰ উদ্যোগত অব্যাহত আছে ভাৰত জোড়ো যাত্ৰা।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত ধুবুৰীৰ পৰা শদিয়ালৈকে আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা অসমৰ আজি ৪১তম দিন।
নিবনুৱা সমস্যা, অৰ্থনৈতিক অচলাৱস্থা, আকাশলঙ্ঘী মূল্যবৃদ্ধি ,বিভাজন, সাম্প্ৰদায়িক সংঘৰ্ষকে ধৰি বিভিন্ন বিষয়ৰ বিৰুদ্ধে দেশবাসীক সজাগ কৰাৰ লক্ষ্যৰে এই ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছে কংগ্ৰেছে।
আজি ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আয়োজন কৰা “ভাৰত জোড়ো যাত্ৰা অসম”ৰ কাৰ্য্যসূচীত জিলা, ৰাজ্যিক, কেন্দ্ৰীয় নেতৃবৃন্দ, দলৰ কৰ্মী আৰু অজস্ৰ ৰাইজে টিংখং সমষ্টিৰ পৰা মৰাণ সমষ্টিলৈ প্ৰায় ১৫ কিলোমিটাৰ পদযাত্ৰা কৰে।