আজিৰে পৰা নিৰ্বাচনৰ ফলাফল নোলোৱালৈকে সোণাপুৰৰ দিচাং ৰিজ’টত নজৰবন্দী কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থীসকল ৷বিজেপিয়ে হৰ্ছ ট্ৰেডিং কৰাৰ শংকাত এইদৰে হোটেলত বন্দী কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থীসকলক ৷

যি সময়ত কোৰোনাৰ সংহাৰী মূৰ্তিয়ে ৰাজ্যখনক গ্ৰাস কৰিবলৈ আগবাঢ়িছে সেই সময়ত এইসকল ৰাইজৰ প্ৰতিনিধিৰ বাবে প্ৰতিদ্বন্দীতা কৰা লোকক এইদৰে বন্দী কৰিব লগা হৈছে ৷

ইয়াৰ বাবে সমগ্ৰ ৰিজ’ৰ্টোকেই বুক কৰিছে তেওলোকে ৷ বাহিৰৰ পৰা কোনো লোক তেওলোকৰ কাষলৈ যাব নোৱাৰে তাৰ বাবে ছাৰ্ভিচ বয় দলটোৰ ফালৰ পৰা নিয়োগ কৰা হৈছে ৷

প্ৰাৰ্থীসকলৰ মনোৰঞ্জনৰ বাবে ৰিজ’ৰ্টখনত সাজু কৰিছে টেনিছ কৰ্ট আৰু ভলীবল খেলাৰ ব্যৱস্থা ৷

ৰিজ’ৰ্টখন বাহিৰৰ পৰা কোনো লোকে দেখা নোপোৱাকৈ আৰু ভিতৰৰ পৰাও বাহিৰ দেখা নোপোৱাৰ ব্যৱস্থা কৰিবলৈ জনোৱাৰ বাবে তেওঁলোকে বাহিৰত বিশাল স্ক্রীন দি সেই ব্যৱস্থা সম্পাদন কৰাৰ পদক্ষেপ লৈছে৷

কংগ্ৰেছৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙৰ নিৰ্দেশ মৰ্মেই এইদৰে সুৰক্ষিত কৰি ৰাখিছে প্ৰাৰ্থীসকলক ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply