"কা" সন্দৰ্ভত বিজেপিলৈ কংগ্ৰেছৰ ছটা প্ৰশ্ন Credit: "কা" সন্দৰ্ভত বিজেপি দলৰ স্থিতি স্পষ্ট কৰিবলৈ প্ৰত্যাহ্বান জনায়

গুৱাহাটী : উপ-নিৰ্বাচনকলৈ তৎপৰ হৈ উঠিছে ৰাজনৈতিক দল সমূহ। পাঁচটা সমষ্টিত অনুষ্ঠিত হ’ব লগীয়া উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যে শাসকীয় বিজেপি দলে ঘোষণা কৰিছে প্ৰাৰ্থীৰ নাম। বিজেপিয়ে তিনিটা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰি দুটা সমষ্টি এৰি দিছে ইউপিপিএলক।

বিজেপিয়ে তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছতে বিৰোধী দল কংগ্ৰেছেও তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। থাওৰা, গোঁসাইগাঁও আৰু তামুলপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে কংগ্ৰেছ দলে।

থাওৰাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰ, গোঁসাইগাঁৱত জুৱেল টুডু আৰু তামুলপুৰত ভাস্কৰ দাহাল হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী। অৱশ্যে মৰিয়নি আৰু ভৱানীপুৰৰ প্ৰাৰ্থীৰ নাম কংগ্ৰেছ দলে ঘোষণা কৰা নাই।

ইফালে বিজেপিয়ে থাওৰা আৰু মৰিয়নিত কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ অহা সুশান্ত বৰগোঁহাই আৰু ৰূপজ্যোতি কুৰ্মীকে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। ভৱানীপুৰতো এআইইউডিএফ এৰি বিজেপিত যোগদান কৰা ফণী তালুকদাৰক টিকট দিছে বিজেপিয়ে।

লগতে পঢ়ক : অভয়াপুৰীৰ মন্দিৰৰ পৰা চোৰে লুটি নিলে সোণ-ৰূপৰ সামগ্ৰী

উল্লেখ্য যে তামুলপুৰ আৰু গোঁসাইগাঁও সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী প্ৰদান নকৰে। এই দুটা সমষ্টি বিজেপিয়ে ইউপিপিএলক এৰি দিছে। ইফালে মাজুলীতো উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব যদিও বৰ্তমানলৈকে মাজুলীৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply