গোৰেশ্বৰঃ তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বাক্সা জিলাৰ নাওকাটাৰ কলবাৰীত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ সভা। কলবাৰী শিৱমন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত উপস্থিত থাকে অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ লগতে ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভাস্কৰ দাহাল।
দেৱব্ৰত শইকীয়া ই কয় যে প্ৰকৃত দল হিচাপে একমাত্ৰ কংগ্ৰেছ দলে আছে গতিকে ৰাইজে এইবাৰ কংগ্ৰেছকে ভোট দিব। দেশৰ জনসাধাৰণে এতিয়া প্ৰতিবাদ কৰিবলৈও ভয় কৰে। কিয়নো কিজানিবা তেওঁলোকৰ চৰকাৰে আঁচনিৰ লাভালাভ কৰ্তন কৰে। বিনামূলীয়া চাউল খাই মানুহে পৰিয়াল চলাব নোৱাৰে। বিজেপিৰ ভুল অৰ্থনৈতিক নীতিৰ বাবে আজি সমাজত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে।
আনহাতে সভাৰ মুখ্য অতিথি ভূপেন বৰাই কয় যে তামুলপুৰ বাসী ৰাইজে এইবাৰ কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰ দাহালক বিধান সভালৈ পঠাব। ৰাজনৈতিক চেতনাক বিশ্বাস কৰা নাছিল হিমন্ত বিশ্ব শৰ্মাই। বিজেপিয়ে ৰাজনৈতিক ক্ষেত্ৰখনক এখন বজাৰলৈ পৰ্যবসিত কৰিছে।
নাওকাটাৰ কলবাৰী শিৱমন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত তিনি শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে।