গুৱাহাটী – অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিৰোধী দল কংগ্ৰেছে অসমবাসী ৰাইজক দিছে পাঁচটাকৈ গেৰান্টি। কংগ্ৰেছ দলৰ এই পাঁচটা গেৰান্টি অভিযানৰ এক অংশ হিচাপে কংগ্ৰেছে মুকলি কৰিলে চাকৰি গেৰান্টিৰ ৱেবছাইট। বৃহস্পতিবাৰে ৰাজীৱ ভনৱত এক
সংবাদ মেল অনুষ্ঠিত কৰি কংগ্ৰেছ দলে কংগ্ৰেছৰ পাঁচটা গেৰান্টি অভিযানৰ দ্বিতীয় পর্যায়ৰ কথা ঘােষণা কৰে।
এই অভিযানৰ অধীনত, কংগ্ৰেছে অসমৰ নিবনুৱা যুৱক-যুৱতীসকলৰ অনলাইন কর্মসংস্থান পঞ্জীয়নৰ কাৰণে আৰম্ভ কৰিছে এটা ৱেবছাইট। congressor5guarantee.in নামৰ ৱেবছাইটত নিবনুৱা যুৱক-যুৱতী সকলে চাকৰিৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। কংগ্ৰেছ চৰকাৰ গঠন হ’লে দলটোৱে পাঁচ বছৰীয়া কার্যকালত ৰাজহুরা খণ্ডত ৫ লাখ চাকৰি আৰু ব্যক্তিগত খণ্ডত ২৫ লাখ চাকৰিৰ দিহা কৰা হ’ব বুলি সংবাদ মেলত জানিবলৈ দিয়ে দলটোৱে।
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক, জিতেন্দ্র সিঙে সাংবাদিকসকলক সম্বােধি দিয়া ভাষণত কয়, “পােনপ্ৰথমে মই অসমৰ ৰাইজক ধন্যবাদ জনাইছো অসম বচাওঁ আহক যাত্ৰাৰ প্ৰতি তেখেতসকলে আগবঢ়োৱা উষ্ম আৰু উদ্দীপনাময় সঁহাৰিৰ বাবে। দলৰ নেতৃবৰ্গই এই যাত্ৰাৰ জৰিয়তে অসমৰ চুকে-কোণে যােৱাৰ আৰু জনতাৰ লগত মত বিনিময় কৰাৰ এটা সুযােগ পালে। প্ৰতিটো বিধানসভা সমষ্টিত ৰাইজে উত্থাপন কৰা অন্যতম ডাঙৰ সমস্যা আছিল নিবনুৱা সমস্যা।
নিবনুৱা সমস্যা ভয়াবহ ৰূপ ধাৰণ কৰা ৰাজ্যখনত আগন্তক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে জয়লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে দলটোৱে নিবুুনৱা সমস্যা সমাধানৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি সংবাদমেলত জানিবলৈ দিয়ে কংগ্ৰেছ দলৰ নেতৃত্বই। চৰকাৰ গঠন কৰিলে কংগ্ৰেছে নিবনুৱা সমস্যা সমাধানৰ বাবে এক পৃথকলৈ নিয়োগ মন্ত্ৰণালয়ৰ গঠন কৰিব।
এই নিয়োগ মন্ত্ৰণালয়ে চাকৰি প্ৰদানৰ ক্ষেত্ৰত সকলো কাম কাজৰ চোৱা-চিটা কৰিব। কংগ্ৰেছ নেতৃত্বই সংবাদমেলত জানিবলৈ দিয়ে যে কংগ্ৰেছৰ congressor5guarantee.in ৱেবছাইটত নিবনুৱা সকলে নিজৰ নাম পঞ্জীয়ন কৰক আৰু চৰকাৰ গঠন হ’লে নাম পঞ্জীয়ন কৰা নিবনুৱা সকলক কর্মসংস্থানৰ ব্যৱস্থা কৰিব কংগ্ৰেছ দলে।