নিউজ ডেস্ক– অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে আজি ৰাজ্যত ‘কংগ্ৰেছৰ ৫ গেৰাণ্টি’ যাত্ৰাৰ শুভাৰম্ভনী কৰে। কংগ্ৰেছে ৰূপায়ন কৰা ‘৫ গেৰাণ্টি’ সমূহ অসমৰ চুকে-কোণে প্ৰতিটো পৰিয়ালৰ কাষলৈ লৈ যাবলৈ এই যাত্ৰাৰ জৰিয়তে দলটোৰ এইয়া প্ৰয়াস।

এই ‘৫ গেৰাণ্টি’ নীতিৰ মতে সমগ্ৰ ৰাজ্যৰ ৫লাখ লোকক চৰকাৰী চাকৰিৰ সুবিধা প্ৰদান কৰাৰ লগতে, ২৫লাখ লোকক ব্যক্তিগত খণ্ডত চাকৰিৰ সুবিধা প্ৰদান কৰিব।

গৃহিণীসকলক তেওঁলোকৰ উপযুক্ত সন্মান তথা আৰু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ মানসেৰে প্ৰতিগৰাকী নাৰীলৈ আগবঢ়াব ২০০০টকাকৈ মাননি।

আজিৰ প্ৰথমটো ‘৫গেৰান্টি যাত্ৰা’ৰ ফ্লেগ অফ কৰে এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে। পশ্চিম নগাঁৱত যাত্ৰাৰ ফ্লেগ অফ কৰি কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ অধ্যক্ষ প্ৰদুৎ বৰদলৈ, সাংসদ গৌৰৱ গগৈ, এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে একাধিক সমৰ্থকৰ সৈতে জাগীৰোডৰ পৰা মৰিগাওঁ লৈ বিশাল ৰেলীৰে এই যাত্ৰাৰ শুভাৰম্ভনী কৰে।

মৰিগাঁৱত এই যাত্ৰাৰ অন্ত পেলাই সাংসদ জিতেন্দ্ৰ সিঙে, সাংসদ গৌৰৱ গগৈৰ সৈতে তেজপুৰৰ হলেশ্বৰ মন্দিৰত আশীষ লৈ ‘৫গেৰান্টি যাত্ৰা’ৰ দ্বিতীয়টো পথৰ যাত্ৰাৰ ফ্লেগ অফ কৰে। তেওঁলোকে নুৰবাৰী চাহবাগানো ভ্ৰমন কৰে।

কংগ্ৰেছ দলৰ চৰকাৰ আহিলে এমাহৰ ভিতৰত চাহ শ্ৰমিক সকলৰ মজুৰী বৃদ্ধি কৰা হ’ব বুলিও জিতেন্দ্ৰ সিঙে আশ্বাস দিয়ে। ইফালে ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈ প্ৰতি মাহে ২০০ ইউনিট বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব বুলি মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে।

জনবিৰোধী নাগৰিকত্ব সংশোধনী আইনৰ বিষয় সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে কয় যে কংগ্ৰেছ চৰকাৰে ক্ষমতালৈ আহিলে বিজেপি চৰকাৰৰ অত্যাচাৰী আইন অসমত আঁতৰাই দিয়া হ’ব।

ক্ষমতালৈ আহিলে বিধান সভাৰ প্ৰথম অধিৱেশনতে এনেকুৱা আইন প্ৰৱৰ্তন কৰিব যিয়ে ‘কা’ আৰু এন আৰ চি কাৰ্যকৰী কৰাৰ অনুমতি নিদিব।

‘কংগ্ৰেছৰ ৫ গেৰাণ্টি’ যাত্ৰাটো অসমৰ প্ৰতিটো সমষ্টিত প্ৰতিঘৰলৈ লৈ যোৱা হ’ব বুলিও গৌৰৱ গগৈয়ে উল্লেখ কৰে। কংগ্ৰেছ দলৰ সৈতে সংলগ্ন জনসাধাৰণৰ প্ৰত্যাশাবোৰ স্পষ্টভাৱে মনত ৰখা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply