নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন কংগ্ৰেছ নেতাক ৷ গ্ৰেপ্তাৰ কৰা নেতাজনৰ নাম হৈছে আবু বক্কৰ চিদ্দিক ৷ নগাঁৱৰ জুৰীয়াৰ পৰা আৰক্ষীয়ে কৰায়ত্ব কৰিছে নেতা গৰাকীক৷
IOC Bank আৰু IDBI Bank ৰ পৰা ৫৫লাখ টকা জালিয়াতিৰে সৰকাইছিল ছিদ্দিকে।
বিধায়ক নুৰুল হুদা আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ঘণিষ্ঠ বুলি পৰিচিত আবু বক্কৰ ছিদ্দিক।
সমবায়ৰ চাউল চুৰি আৰু ট্ৰেক্টৰ কেলেংকাৰীতো জড়িত থকাৰ অভিযোগ আছিল ছিদ্দিকৰ বিৰোদ্ধে।
পূৰ্বে সাংবাদিক আক্ৰমণৰ ঘটনাতো জড়িত আছিল ছিদ্দিক।
জীয়াবুৰ ৰহমান, নুৰ নেৱাচ আৰু আনাৰুল হুছেইন নামৰ তিনিগৰাকী ব্যক্তিক প্ৰৱঞ্চনা কৰিছিল ।
প্ৰৱঞ্চনাৰ বলি হোৱা লোকসকলে পত্ৰ প্ৰেৰণ কৰিছিল অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানলৈ।
নগাঁও সদৰ থানাৰ আৰক্ষী বিষয়া মনোজ ৰাজবংশীয়ে জনোৱা মতে কংগ্ৰেছ নেতা আবু বক্কৰ চিদ্দিকৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এক গোচৰ ৰুজু হৈ আছে ৷
দেওবাৰে নিশা আৰক্ষীয়ে আলিটাঙনিৰ পৰা আবু বক্কৰ চিদ্দিকক কৰায়ত্ব কৰি নগাঁও সদৰ থানাত সোধপোচ কৰি আছে ৷