প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী : অসম বিধানসভা নিৰ্বাচনৰ ৰণৰ মাজতে বিজেপি দললৈ আন ৰাজনৈতক দলৰ কার্যকতাৰ আগমন অব্যাহত আছে। মঙলাবাৰে বিজেপি দলত আনুষ্ঠানিকভাৱে যােগদান কৰিলে ৰহা সমষ্টিৰ প্রাক্তন বিধায়কৰ লগতে প্রাক্তন কংগ্ৰেছী নেতা তথা ২০২১ ৰ বিধানসভা নির্বাচনত ৰহা সমষ্টিৰ পৰা নির্দলীয়ভাৱে প্রতিদ্বন্দ্বিতা আগবঢ়োৱা প্রার্থী গুনেশ্বৰ দাসে।

ৰাজ্যিক বিজেপিৰ খানাপাৰাস্থিত নির্বাচনী কার্যালয়ত অনুষ্ঠিত হােৱা এক কাৰ্যসূচীত গুনেশ্বৰ দাসৰ সৈতে বিজেপিত যােগদান কৰে মনােজ কুমাৰ বৰা, গণেশ বৰকাকতী, প্রশান্ত শইকীয়া, সুহান সিং, তণ নাথ আৰু ইন্দ্র প্রসাদ বৰুৱাই। যােগদান অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্রী পীযূষ হাজৰিকাই ন-বিজেপি গুণেশ্বৰ দাসকে আদি কৰি নৱাগত সকলক দলীয় অংগ বস্ত্ৰৰে ভাজপাৰ মজিয়ালৈ আদৰণি জনায়।

মন্ত্রী পীযূষ হাজৰিকাই কয় যে ৰহা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ জয় নিশ্চিত আছিল আৰু গুণেশ্বৰ দাসৰ বিজেপি দলত যােগদানে এই জয় সুনিশ্চিত কৰিলে। অনুষ্ঠানত ভাষণ প্রদান কৰি গুণেশ্বৰ দাসে ৰকিবুল হুছেইন, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাৰ লগতে প্ৰদ্যুৎ বৰদলৈক তীব্র ভাষাৰে কটাক্ষ কৰে। তেওঁ কয় যে, ৰকিবুল হুছেইনে নগাওঁ ধ্বংস কৰিবলৈ অহর্ণিযে ষড়যন্ত্র কৰি আছে। ৰিপুন বৰা আৰু প্ৰদ্যুৎ বৰদলৈয়ে ৰহা সমষ্টিত মােক কংগ্রেছৰ পৰা টিকট প্রদান কৰিম বুলি প্রতিশ্রুতি দিছিল যদিও শেষ মূহর্তত এগৰাকী অসামজিক কার্যকলাপ লিপ্ত আৰু দুর্নীতিগ্রস্ত ব্যক্তিক প্রার্থীত্ব প্রদান কৰাক লৈ মই ক্ষোভিত হৈছিলাে আৰু কংগ্ৰেছ দল ত্যাগ কৰি নির্দলীয় হিচাপে প্রতিদ্বন্দ্বিতা কৰিছিলাে।

সোমবাৰে নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই ৰাজহুৱা সভাত কৰা আহ্বান আৰু ৰহাবাসীক দুস্কৃর্তিকাৰী তথা ৰকিবুল ৰাজৰ পৰা সুৰক্ষা প্রদানৰ হেতু মই নির্বাচনী ৰণৰ পৰা আঁতৰি আহি ভাৰতীয় জনতা পার্টিত যােগদান কৰিছোঁ বুলিও মন্তব্য কৰে গুণেশ্বৰ দাসে। তেওঁ লগতে সকলাে শুভাকাংক্ষীক বিজেপি মিত্রদলৰ প্রার্থী বিষ্ণু দাসক হিয়া উজাৰি সমর্থন তথা সহায় সহযােগিতা আগবঢ়াবলৈ সংবাদ মাধ্যমৰ যােগে আহ্বান জনায়। যােগদান অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সম্পাদক দিল্লুৰঞ্জন শর্মা, মুখ্য মুখপাত্র ৰূপম গােস্বামী, সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল, নগাওঁ জিলাৰ সভাপতি অভিজিৎ নাথ উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply