নিউজ ডেস্কঃ দেশত প্ৰায় প্ৰতিদিনাই পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্য বৃদ্ধি পাই গৈ আছে। ফলত দেশৰ সৰ্বসাধাৰণ ৰাইজে ভীষণ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। মূল্যবৃদ্ধিক লৈ বিৰোধীয়েও শাসনত থকা বিজেপিৰ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি আহিছে।

তাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক এগৰাকী কংগ্ৰেছ নেত্ৰীয়ে মূল্যবৃদ্ধিক লৈ প্ৰশ্ন কৰা এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত দেখা গৈছে যে- দিল্লীৰ পৰা গুৱাহাটী অভিমুখী এখন বিমানৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক কংগ্ৰেছী নেত্ৰী নেট্টা ডিচুজাই কিয় ইন্ধন জাত সামগ্ৰী আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধি হৈ আছে তাক লৈ প্ৰশ্ন কৰে।

ইফালে, কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে এই ভিডিঅ’টো টুইট কৰি তেওঁ লিখিছে- ‘Faced Modi Minister @smritiirani ji, enroute to Guwahati. When asked about Unbearable Rising Prices of LPG, she blamed Vaccines, Raashan & even the poor! Do watch the video excerpts, on how she reacted to common people’s misery !’

উল্লেখযোগ্য যে, যোৱা কেইবাদিন ধৰি পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পাই গৈ আছে। তদুপৰি ৰন্ধন গেছৰো মূল্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আজিৰ দিনটোত গুৱাহাটী মহানগৰীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০৫.৬৬ টকাত ক্ৰয় কৰিবলগীয়া হৈছে গ্ৰাহকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply