নিউজ ডেস্কঃ জীগনেশ মেৱানীয়ে জামিন লাভ কৰাৰ পাছত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰামে তীব্ৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। বৰপেটাৰ আদালতে অসম আৰক্ষীৰ এগৰাকী মহিলা বিষয়াক প্ৰহাৰ কৰাৰ গোচৰ সম্পৰ্কত মেৱানীয়ে আৱেদন কৰা জামিন মঞ্জুৰ কৰিছে।
ভুৱা গোচৰ ৰুজু কৰাৰ বাবে অসম আৰক্ষীক কঠোৰভাৱে কয় আদালতে। বৰপেটাৰ সত্ৰ ন্যায়ালয়ৰ ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীয়ে জামিন আৱেদন মঞ্জুৰ কৰে জীগনেশ মেৱানীৰ। ইফালে, কংগ্ৰেছ জ্যেষ্ঠ নেতাগৰাকীয়ে এই সন্দৰ্ভত কয় যে- ‘যদি মেৱানী পাগল নহয় আৰু তাৰপাছত তেওঁৰ বিৰুদ্ধে যদি ভুৱা গোচৰ ৰুজু কৰা হৈছিল, তেন্তে পাগল কোন?’
লগতে তেওঁ কয় যে- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিবিআইক জীগনেশ মেৱানীৰ বিৰুদ্ধে কোনে ভুৱা গোচৰ ৰুজু কৰাইছে এই সন্দৰ্ভত তদন্তৰ দায়িত্ব প্ৰদান কৰিবনে? ইফালে, জামিন লাভ কৰাৰ পাছত জীগনেশ মেৱানীয়ে সাংবাদিকৰ আগত কয় যে- ‘এইবোৰ সকলো প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ…’