দুলীয়াজান : মুখ্যমন্ত্ৰী হিচাবে হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পিছৰে পৰা যোৱা সময়ছোৱাত বহুকেইজন কংগ্ৰেছী নেতাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ গমন কৰিছে। বৰ্তমান সময়ত পুনৰ এক ৰাজনৈতিক পট পৰিৱৰ্তনক লৈ চৰ্চা চলিছে।

আৰক্ষী অধীক্ষক সকলৰ সৈতে দুদিনীয়া সন্মিলনৰ মাজতে সোমবাৰে নিশা দুলীয়াজানৰ জালনি ক্লাবত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে নিশাৰ নৈশ আহাৰ গ্ৰহণত অংশ ললে জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে।

এই নৈশ ভোজত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক ভাস্কৰ শৰ্মাৰ সৈতে একেলগে দেখা গ’ল ঘাটোৱাৰক। ইয়াৰ উপৰিও নৈশ ভোজত মুখ্যমন্ত্ৰীৰ সৈতেও আলোচনতো মিলিত হোৱা দেখা গ’ল নেতাগৰাকীক।

এই ঘটনা পোহৰলৈ অহাৰ পিছত ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ আগতেও ঘাটোৱাৰক ডিব্ৰুগড় ভ্ৰমণৰ সময়তো একেলগে দেখা গৈছিল। অৱশ্যে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া আগবঢ়োৱা নাই কংগ্ৰেছী নেতাগৰাকীয়ে।

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীৰ লগতে তেওঁৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিলৈ যাব বুলিও চৰ্চা চলিছিল।

লগতে পঢ়ক- শ্বিলং যাবলৈ ওলাইছে নেকি,তেনেহলে জানি লওক নিয়ম সমূহ

পৱনসিং ঘাটোৱাৰ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, ‘চৰকাৰী অনুষ্ঠানত মাতিলে আহে ঘাটোৱাৰ, মোৰ লগত তেওঁৰ ব্যক্তিগত সম্পৰ্ক আছে, কালিৰ অনুষ্ঠানত কোনো ধৰনৰ ৰাজনৈতিক কথা-বতৰাৰ হোৱা নাছিল।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply