মৰাণ : লাহোৱাল সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ পৰাজিত হোৱাৰ বাবে লাহোৱাল ব্লক কংগ্ৰেছে দোষী সাব্যস্ত কৰিছে প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি, জ্যেষ্ঠ নেতা পৃথিৱী মাঝিক। নেতাজনৰ সমৰ্থকৰ চিপৰাং মৰা ৰাজনীতিৰ বাবেই লাহোৱাল সমষ্টিত জয়ী হ’ল বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকা। এই অভিযোগ উত্থাপন কৰিছে লাহোৱাল ব্লক কংগ্ৰেছে৷
তদুপৰি পৃথিৱী মাঝিৰ পুত্ৰ তথা ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদীপ মাঝিয়ে বিজেপিৰ হৈ কাম কৰাৰ তথ্য প্ৰমাণ লাভ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে লাহোৱাল ব্লক কংগ্ৰেছে। লাহোৱাল ব্লক কংগ্ৰেছৰ সংবাদমেলত প্ৰদীপ মাঝিক দলীয় বিষয়বাবৰ পৰা ছয় বছৰৰ বাবে বহিস্কাৰ কৰা হৈছে বুলি ঘোষণা কৰে।
আনহাতে দল বিৰোধী কাৰ্যত লিপ্ত থকাৰ বাবেই কংগ্ৰেছৰ ৰেখা মাঝি, লক্ষেশ্বৰ মাঝি, ব্ৰজেন গগৈ, শিশু কুমাৰ যাদৱ, অসীম শইকীয়া, দয়া গগৈ, লক্ষেশ্বৰ তিগ্গা, প্ৰণতি দাস, ঋতুৰাজ গগৈ, মন্দিৰা কোঁৱৰ বৈদ্য আৰু বিমল হাজৰিকাক ছয় বছৰৰ বাবে কংগ্ৰেছৰ পৰা বহিস্কাৰ কৰা হৈছে।।উল্লেখ্য যে, নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি ইয়াৰ পূৰ্বে ডিব্ৰুগড়ত পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদীপ মাঝিয়ে।