গুৱাহাটী : বিজেপি অসম প্রদেশৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত আয়ােজিত এক যােগদান অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্রতি অনুপ্রাণিত হৈ অসম প্রদেশ কংগ্রেছৰ সদ্য প্রাক্তন জোষ্ঠ নেতা অনিল ৰাজা, সাধাৰণ সম্পাদকদ্বয় পংকজ বৰবৰা আৰু দুধনৈৰ সমষ্টিৰ প্রাক্তন বিধায়ক শিৱচৰণ বসুমতাৰী, সম্পাদক প্রবীৰ কলিতাকে আদি কৰি কেইবাসংখ্যক সদ্য প্রাক্তন কংগ্ৰেছী নেতাই আনুষ্ঠানিকভাৱে বিজেপিত যােগদান কৰে। অনুষ্ঠানত, নৱাগতসকলক দলৰ মজিয়ালৈ উষ্ম আদৰণি জনাই ৰাজ্যিক সভাপতি ভৱেশ কলিতাদেৱে কয় যে, ভাৰতীয় জনতা পাৰ্টিৰ সকলাে কার্যকর্তাই পূর্বপুৰুষসকলে আগবঢ়াই যােৱা দর্শন অনুসৰি এক পৰিয়ালৰ মানসিকতাই কাম কৰি আহিছে। যােগদান কৰা নৱাগত সকলে দলৰ এনে নীতি আদর্শক হৃদয়ংগম কৰি দল তথা ৰাইজৰ স্বাৰ্থত কাম কৰি যাব বুলি সভাপতি গৰাকীয়ে আশা প্রকাশ কৰে।

তেওঁ কয় যে, দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মােদী ২০১৪ চনৰ পৰা “সৱকা সাথ, সৱকা বিকাশ, সৱকা বিশ্বাস” মূলমন্ত্রৰে সমাজৰ সকলাে শ্রেণীক সর্বাংগীন বিকাশ সাধনৰ পথ দেখুৱাই ভাৰতবৰ্ষক বিশ্ব গুৰু আসনত অধিষ্ঠিত কৰাৰ উদ্দেশ্যে কাম কৰি আহিছে। ভাৰতীয় জনতা পাৰ্টীৰ এনে নীতি আদর্শদ্বাৰা সমগ্র ভাৰতৰ লগতে অসমৰ জনসাধাৰণ আশ্বস্ত হ’ব পাৰিছে আৰু সেয়ে, ২০১৬ চনৰ পৰাই অসমৰ পঞ্চায়ত, জিলা পৰিষদীয়, স্বায়ত্ব শাসিত আদি সকলাে নির্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছ দলক তুষ্টিকৰণ ৰাজনীতিৰ দল বুলি সমালােচনা কৰি সভাপতি ভৱেশ কলিতাই কয় যে, জনসাধাৰণ তথা দলৰ কাৰ্যকৰ্তাৰ অভাৱ অভিযােগৰ ফালে পিঠি দি কংগ্ৰেছ দলে তুষ্টিকৰণত ৰাজনীতিত ব্যস্ত থকাৰ বাবেই কংগ্ৰেছ দলৰ বেলি এতিয়া পশ্চিম আকাশত। আভ্যন্তৰীণ খামখেয়ালিয়ে পৰিপুষ্ট কংগ্ৰেছ দলৰ নেতৃত্বৰ কথা কোনাে মিল নাই, তেওঁলােকে ৰাতিপুৱা কয় এটা, দুপৰীয়া কয় এটা, আবেলি কয় এটা৷ লগতে, কংগ্ৰেছ দলে কেতিয়াও উন্নতি ঘটাব নােৱাৰে বুলিও ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয়।

তেওঁ পুনৰ কয় যে, ভাৰতীয় জনতা পাৰ্টীয়ে তুষ্টিকৰণৰ ৰাজনীতি কেতিয়াও নকৰে, বিজেপি দলে সকলাে জাতি জনগােষ্ঠীক একেলগে আগুৱাই নিয়া তথা “সর্ব ধর্ম সমভাৱ”ৰে সকলাে ধৰ্মক সম গুৰুত্ব দি কাম কৰি আহিছে। বিজেপি দলক এটা অনুশাসনমূলক দল বুলি অভিহিত কৰি সভাপতি গৰাকীয়ে পুনৰ কয় যে, এই দলত সকলাে কার্যকর্তাই দলৰ সংবিধান মানি চলে আৰু নেতৃত্বক সন্মান দিয়ে। সভাত উপস্থিত থাকি সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মাই কয় যে, ভাৰতীয় জনতান পাৰ্টীৰ নেতৃত্বত দেশ তথা সমাজ নির্মাণৰ ভাৱধাৰাৰ প্রতি আকর্ষিত হৈ আজি বিভিন্ন ৰাজনৈতিক দলৰ পৰা আহি বিজেপিত যােগদান কৰা সকলােকে আন্তৰিক অভিনন্দন জনাইছোঁ। তেওঁ কয় যে, বিজেপিত নতুন আৰু পুৰণিৰ মাজত কোনাে পার্থক্য নাই। নতুনকৈ অহা সকলে পুৰণি দলৰ আদর্শ পৰিত্যাগ কৰি ভাৰতীয় জনতা পার্টিৰ নীতি আদর্শক গ্রহণ কৰি ৰাইজৰ তথা দলৰ স্বাৰ্থত কাম কৰি যাব বুলি আশা প্রকাশ কৰে। বিজেপি দল অন্য দলতকৈ পৃথক বুলি অভিহিত কৰি ফণীন্দ্র নাথ শর্মাই কয় যে, বিজেপি দলত ৰাষ্ট্র প্রথম, দল দ্বিতীয় আৰু ব্যক্তি তৃতীয়। বিভিন্ন ৰাজনৈতিক দলৰ পৰা অহা ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদর্শক হৃদয়ংগম কৰি ইয়াক পালন কৰাৰ বাবেই আজি ভাৰতীয় জনতা পাৰ্টীয়ে লােকসভা, বিধান সভাত শীর্ষস্থানৰ লগতে সমগ্র বিশ্বৰ সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হ’বলৈ সক্ষম হৈছে।

লগতে পঢ়ক : অবৈধ মদৰ ঘাটি তিনিদিনৰ ভিতৰত উৎখাত কৰাৰ নিৰ্দেশ মন্ত্ৰী পীয়ুষ হাজৰীকাৰ

ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যােগদান কৰি, কংগ্ৰেছী নেতা অনিল ৰাজাই কয় যে, কংগ্ৰেছৰ ব্যভিচাৰ নীতি আদর্শক পৰিত্যাগ কৰি বিজেপি দলত যােগদান কৰি আজি যথেষ্ট আনন্দ লাভ কৰিছোঁ। তেওঁ কয় যে, কংগ্ৰেছ দল ত্যাগ কৰা পাছত ৬ মাহৰ ধৰি সূক্ষম পর্যবেক্ষণ কৰি ভাৰতীয় জনতা পাৰ্টী যে এটা অনুশাসন আৰু শৃংখলাবদ্ধ দল সেইটো অনুধাৱন কৰিব পাৰিছিলোঁ আৰু সেয়ে আজি বিজেপি দলত যােগদান কৰিছোঁ। কিন্তু দীর্ঘ সময়জুৰি কংগ্ৰেছত থকাৰ সময়ত দলটোত কেৱল দুর্নীতি আৰু ভ্ৰষ্টাচাৰহে প্রত্যক্ষ হৈছিল আৰু যাৰ বাবে কংগ্ৰেছ দলৰ অধঃপতন ঘটিছে। সভাত ভাষণ প্রদান কৰি সদ্য প্রাক্তন কংগ্ৰেছী নেতা তথা ন বিজেপি নেতা পংকজ বৰবৰাই কংগ্ৰেছ দলত আভ্যন্তৰীণ সংঘাতৰ বাবেই দল ত্যাগ কৰি বিজেপি দলত যােগদান কৰাৰ কথা সদৰী কৰে। লগতে তেওঁ আগন্তুক দিনত দলৰ নীতি আদর্শ পালন কৰি সমাজ তথা ৰাইজৰ স্বাৰ্থত কাম কৰি যাবলৈ আগ্রহী বুলি প্রকাশ কৰে। ৰাজ্যিক বিজেপিৰ সম্পাদক কিশােৰ উপাধ্যায়ে আঁত ধৰা যােগদান অনুষ্ঠানত শদিয়াৰ বিধায়ক বলীন চেতিয়া, ৰাজ্যিক উপ সভানেত্রী বিজুলী কলিতা মেধি, সম্পাদক বেণুধৰ নাথ, গুৱাহাটী জিলা সভাপতি মৃগেন শৰণীয়া উপস্থিত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply