শ্বেৰমান আলী

কংগ্ৰেছ দলৰ ভাবমূৰ্তি বিনষ্ট কৰা বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক অৱশেষত কংগ্ৰেছ দলৰ পৰা নিলম্বিত কৰাৰ প্ৰস্তাৱ ল’লে কংগ্ৰেছ বিধায়িনী দলে। আজি নিশা সভাপতি ভূপেন বৰাৰ লগতে তিনিওগৰাকী কাৰ্যকৰী সভাপতি আৰু দুজন সাধাৰন সম্পাদকৰ এই সন্দৰ্ভত হ’বলগীয়া বৈঠকৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰিব।

উল্লেখ্য যে, শ্বেৰমান আলী আহমেদ কালি গ্ৰেপ্তাৰ হোৱাৰ পিছত কংগ্ৰেছ বিধায়িনী দলে জৰুৰী বৈঠকৰ আয়োজন কৰিছিল ৷ আৰু বিধায়ক শ্বেৰমানৰ সন্দৰ্ভতে বিধায়িনী দলে লয় এই সিদ্ধান্ত ৷ বৈঠকত উপস্থিত আছিল APCCৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইনসহ কংগ্ৰেছৰ বিধায়কসকল ৷

বিধায়িনী দলৰ বৈঠকৰ পিছতে সাংবাদিকক বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়,- ‘প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নিৰ্দেশ মতে আজি আমাৰ বিধায়িনী দলৰ বৈঠক আয়োজন কৰো ৷ এই বৈঠকত বিৰূপ মন্তব্য কৰা বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতিক আমি বিধায়িনী দলে প্ৰস্তাৱ দিছো ৷

এই মৰ্মে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে সিদ্ধান্ত ল’ব ৷’ বৈঠকৰ অন্তত ভূপেন বৰাই কয় যে, ‘ACLPৰ প্ৰস্তাৱ আমি পাইছো। আজি আমি নিশা তিনিজন অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আৰু দুজন সাধাৰণ সম্পাদকৰ সৈতে আলোচনাত মিলিত হব ৷ এই আলোচনাতে সিদ্ধান্ত লব শ্বেৰমান আলীৰ সন্দৰ্ভত ৷ দলীয় সংবিধান মতে ব্যৱস্থা লম ৷ শ্বেৰমান আলী আহমেদক তিনি দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছিল ৷ আজি উত্তৰ দিয়াৰ শেষ দিন ৷

লগতে পঢ়ক-অভিলেখ ৰচনা কৰি জয়ী হ’ল মমতা বেনাৰ্জী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply