গুৱাহাটীঃ ফুলগুৰি ধেৱাৰ শ্বহীদ কৃষকৰ স্মৃতিত কংগ্ৰেছৰ সভা। বীৰ শ্বহীদ সকলৰ স্মৃতিত সোমবাৰে কংগ্ৰেছ দলে স্থানীয় জিলা কংগ্ৰেছ, নগাওঁ সাংসদ আৰু স্হানীয় বিধায়কৰ সহযোগত এক বিশাল স্মৃতি সভাৰ আয়োজন কৰে। প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা গঠন কৰা ৭৫ বছৰীয়া স্বাধীনতাৰ বছৰযোৰা কাৰ্য্যসূচীত প্ৰদেশ কংগ্ৰেছৰ এক বৃহত দলে ফুলগুৰি স্মৃতিচাৰণ সভাত যোগ দিয়ে।

সৰ্বভাৰতীয় কংগ্ৰেছৰ তৰফৰ পৰা প্ৰাক্তন সাংসদ বি.কে. হৰিপ্ৰসাদে যোগ দি অসমৰ স্বাধীনতা সংগ্ৰামত অগ্ৰণী ভূমিকাৰ কথা দোহাৰে।

লগতে পঢ়কঃ”প্ৰমোদ বড়োই ৰাইজৰ টকা খাই টকাৰ পাহাৰ গঢ়িছে”- গণেশ কছাৰী

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই এই স্বহীদ সকলৰ স্মৃতিচাৰণ কৰে আৰু বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে কয় যে আজিও দেশত কৃষক সকল সুৰক্ষিত নহয়।

সভাত ৭৫ বছৰীয়া স্বাধীনতাৰ কাৰ্য্যসূচী ৰূপায়ণ কমিটিৰ তৰফৰ পৰা বলীন কুলি, দ্বীজেন শৰ্মা, আব্দুল হামিদ, নৃপেন্দ্ৰ ঠাকুৰীয়া, পৱন কুমাৰ শৰ্মা, অশ্বিন মহন্ত আৰু ৰঞ্জিত ঠাকুৰীয়াকে আদি কৰি বহু কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে।

সভাত বি.কে. হৰিপ্ৰসাদৰ উপৰিও প্ৰদ্যুত বৰদলৈ, ৰকিবুল হুছেইন, দ্বীজেন শৰ্মাকে আদি কৰি বহু বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে। সভাত সভাপতিত্ব কৰে স্হানীয় বিধায়ক শশী কান্ত দাসে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply