গুৱাহাটী : সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ কংগ্ৰেছৰ সদস্য ভৰ্তি অভিযান। ৰাজীৱ ভৱনত সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিলে কংগ্ৰেছৰ দলে। নতুন সদস্য ভৰ্তিৰ লগতে পুৰণি সদস্যৰ নবিকৰণ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কংগ্ৰেছৰ দলৰ নিজৰ সদস্যপদ নবীকাৰণ কৰি অভিযানৰ আৰম্ভ কৰে।
সোমবাৰৰ পৰা কংগ্ৰেছ দলে সমগ্ৰ দেশতে আৰম্ভ কৰিছে সদস্য ভৰ্তি অভিযান। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিয়ে ৰাজীৱ ভনৱৰ পৰা দলৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰে। ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰানা গোস্বামীয়ে এক সংবাদমেল অনুষ্ঠিত কৰি কয় যে সোমবাৰৰ পৰা আৰম্ভ হোৱা সদস্য ভৰ্তি অভিযান অহা ৩১ মাৰ্চ পৰ্যন্ত চলিব।
ৰাজ্যৰ প্ৰতিখন জিলাৰ শাখাই শাখাই এই সদস্য ভৰ্তি অভিযান চলিব। নতুন সদস্য ভৰ্তিৰ লগতে পুৰণি সদস্য এই সদস্য ভৰ্তি অভিযানত নিজৰ সদস্য পদ নবীকাৰণ কৰিব লাগিব। ২০২২ চনত কংগ্ৰেছ দল দলীয় নিৰ্বাচন সদস্যপদ নবীকাৰণ কৰা সকলে ভাগ ল’ব পাৰিব। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কংগ্ৰেছৰ দলৰ নিজৰ সদস্যপদ নবীকাৰণ কৰি অভিযানৰ আৰম্ভ কৰে।
লগতে পঢ়ক : দিন হাজিৰা কৰি পেট প্ৰবৰ্ত্তাইছে জামুগুৰিহাটৰ এজন ভাস্কৰ্য্য শিল্পীয়ে
কংগ্ৰেছৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে এই বিশেষ সদস্য ভৰ্তি অভিযানৰ ব্যৱস্থা হাতত লোৱা হৈছে। অসমত ৩৩ লাখ সদস্য ভৰ্তিৰ লক্ষ্য বান্ধি লৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।অনলাইন যোগেও সদস্য ভৰ্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শীঘ্ৰে মুকলি কৰা হ’ব অনলাইন সদস্য ভৰ্তি প্ৰক্ৰিয়া।