২০২১ চনৰ ৰাজ্যিক নিৰ্বাচনত অসমৰ লাহৰীঘাট বিধান সভা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত আছিফ মহম্মদ নাজাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
বিধায়ক আছিফ মহম্মদ নাজাৰে মুখ্যমন্ত্ৰীগৰাকীক প্ৰশংসা কৰি কৈছিল যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এগৰাকী অতি কঠোৰ পৰিশ্ৰমী ব্যক্তি তেওঁ দিনে-নিশাই কাম কৰিব পাৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আজি কংগ্রেছত থাকিলে দলটো বহু ওপৰলৈ গ’লহেতেন বুলিও বিধায়কগৰাকীয়ে মন্তব্য প্রকাশ কৰিছিল।
বিধায়ক নাজাৰে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰাৰ লগতে ইয়াকো কৈছিল যে, মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্ক ভাল যদিও তেওঁলোকৰ মাজত মতাদৰ্শগত মতানৈক্য আছে ।
মুখ্যমন্ত্ৰীক এনেদৰে প্ৰশংসা কৰা বাবে অসম কংগ্ৰেছে মহম্মদ নাজাৰক তেওঁৰ এই কাৰ্য্যৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে অসম প্ৰদেশ কংগ্ৰছে।
ইফালে কংগ্ৰেছৰ নেতা ৰাণা গোস্বামীয়ে এই সন্দৰ্ভত কয় যে দলটোৱে মুখ্যমন্ত্ৰী শৰ্মাক প্ৰশংসা কৰাৰ বাবে বিধায়ক আছিফ মহম্মদ নাজাৰক কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰি প্ৰত্যুত্তৰ দিবলৈ ২৪ ঘন্টা সময় দিছে। বিধায়ক নাজাৰে দিয়া উত্তৰ ভিত্তিতে পৰৱৰ্তী কাৰ্যব্যৱস্থা সম্পৰ্কে সিদ্ধান্ত লোৱা হ’ব বুলি জনায় কংগ্ৰেছৰ নেতা ৰাণা গোস্বামীয়ে।