যোৰহাট : বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কংগ্ৰেছৰ বিধায়কৰ।
উজনিত বিধায়ক শূন্য হোৱাৰ দিশত কংগ্ৰেছ। তিতাবৰৰ কংগ্ৰেছী বিধায়ক সৰ্বানন্দ সোণোৱালৰ জন আশীৰ্বাদ যাত্ৰাৰ মঞ্চত।
বিজেপিৰ জন আৰ্শীবাদ যাত্ৰাত অংশগ্ৰহণ তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাৰ।যোৰহাটত বিজেপিৰ জন আৰ্শীবাদ যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখা গ’ল তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাক। যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশেষ অনুষ্ঠানত মঞ্চত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে দেখা গ’ল তিতাবৰৰ বিধায়কগৰাকীক।
লগতে পঢ়ক : আৰক্ষীৰ চাকৰি এৰি ডকাইতিত নমা আনোৱাৰ হুছেইনৰ আত্মসমৰ্পণ
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ সমষ্টিৰ পৰা এইবাৰ কংগ্ৰেছ দলৰ পৰা টিকট লাভ কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ভাস্কৰ বৰুৱা। কংগ্ৰেছৰ দখলত থকা সমষ্টিটো ভাস্কৰ বৰুৱাই পুনৰ কংগ্ৰেছৰ দখললৈ আনিবলৈ সক্ষম হৈছিল যদিও বৰ্তমান প্ৰশ্ন উঠিছে যে, বিজেপিত যোগদান কৰিব নেকি ভাস্কৰ বৰুৱাই? তিতাবৰতো হ’ব নেকি উপ-নিৰ্বাচন?