বিত্তমন্ত্ৰীগৰাকীয়ে ২০২২ চনৰ পৰা ২০২৫ চনৰ ভিতৰত ৪০০ খন ৰেল নিৰ্মাণ কৰা কথা ঘোষণা কৰিছিল, সেই ঘোষণাক বিবেচনা কৰি কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈয়ে সংযোগ তৰাম্বিত কৰিবলৈ উজনি অসমৰ তিনিচুকীয়াৰ পৰা নতুন দিল্লীলৈ বন্দে ভাৰত ৰে’ল সেৱা আৰম্ভ কৰাৰ দাবী জনাইছে, আৰু ৰেল সেৱা প্ৰৱৰ্তন কৰিবলৈ ৰেলমন্ত্ৰীক আহবান জনাইছে।
নগাঁৱৰ সাংসদ বৰদলৈয়ে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱলৈ এখন পত্ৰ লিখি উল্লেখ কৰিছে যে,২০১৯ চনত আৰম্ভ হোৱা বন্দে ভাৰত এক্সপ্ৰেছ ৰেলসমুহে মেক ইন ইণ্ডিয়া ধাৰণাৰ এক উতকৃষ্ট নিৰ্দশন হিচাপে আত্মপ্ৰকাশ কৰিছে, আৰু বৰ্তমান ১০টা পথৰ সংযোগ উন্নত কৰাৰ ক্ষেত্ৰত প্ৰশংসনীয় ভুমিকা পালন কৰিছে।

লগতে পত্ৰখনত তেওঁ লিখিছে যে, এইটোৱে কেৱল অসমৰে নহয় উত্তৰ পূবৰ সকলো ৰাজ্যৰ যাত্ৰীসকলৰ বাবে অপৰিসীম লাভবান হব আৰু সংযোগ ক্ষিপ্ৰ কৰাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় হস্তক্ষেপ হব।
২০২০ চনৰ মাৰ্চ মাহত লকডাউন জাৰী কৰা পিছৰে পৰা ডিব্ৰুগড়-গুৱাহাটীকে ধৰি অসমৰ ১২ খন স্হানীয় ৰেল সেৱা বন্ধ হৈ আছে যাৰ বাবে অসম ৰেল যাত্ৰী সন্থাই গুৰুত্বৰ উদ্বেগ প্ৰকাশ কৰিছে এই ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহন কৰিবলৈ সাংসদ গৰাকীয়ে আহবান জনাই।