গুৱাহাটী : ৰাজ্যত শান্তি-শৃংখলা নিয়ন্ত্ৰণ কৰাত বিজেপি চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ কংগ্ৰেছৰ। নন্দিতা শইকীয়াৰ হত্যাকাৰীক দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰাৰ দাবী অসম প্ৰদেশ কংগ্রেছ কমিটিৰ। ধেমাজি মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী, ঢকুৱাখনাৰ জীয়ৰী নন্দিতা শইকীয়াৰ অকাল মৃত্যুত অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে শোক প্ৰকাশ কৰিছে। বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে অসমত শান্তি-শৃংখলা অটুট ৰখাত সম্পূৰ্ণৰূপে যে ব্যৰ্থ, এই নৃশংস হত্যাকাণ্ডই পুনৰবাৰ প্ৰমাণ কৰিলে বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে।
দিন দুপৰতে এগৰাকী ছাত্ৰীক ব্যস্ত পথৰ ওপৰত দাৰে ঘপিয়াই হত্যা কৰা ঘটনাই ৰাজ্যখনৰ প্ৰশাসন ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে বুলিও কংগ্ৰেছ দলে অভিযোগ কৰে। একেৰাহে বিগত তিনিটা বছৰত নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত অসম প্ৰথম হৈয়েই আছে। যিখন অসমত গাই গৰুৰ সুৰক্ষাৰ বাবে চৰকাৰ উঠিপৰি লাগিছে, সেইখন অসমতে নাৰী সুৰক্ষিত নহয়। দিন দুপৰতে এগৰাকী ছাত্ৰীক নৃশংসভাৱে হত্যা কৰা হ’ল, সততে নিজকে জাগ্ৰত প্ৰহৰী বুলি দাবী কৰা অসম আৰক্ষী প্ৰশাসনৰ ভূমিকা আজিলৈকে সন্দেহৰ অৱৰ্তত। কেনেকৈ এগৰাকী ছাত্ৰীক দিন দুপৰতে হত্যা কৰিব পালে বুলি কংগ্ৰেছ দলে প্ৰশ্ন উত্থাপন কৰে? দোষীৰ ওপৰত আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সেয়া স্পষ্ট কৰিবলৈ।কংগ্ৰেছ দলে দাবী জনায়।
নন্দিতাৰ হত্যাকাণ্ডৰ দৰে এনে নৃশংস ঘটনা ঘটিবলৈ নাপায়, তাৰ বাবে চৰকাৰখনক সতৰ্ক হ’বলৈ, লগতে নন্দিতা শইকীয়াৰ হত্যাকাৰীক দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰিবলৈও কংগ্ৰেছ দলে দাবী জনায়। হত্যা-হিংসা, ধৰ্ষণ যেন সহজ হৈ পৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ শাসনকালত বুলি অভিযোগ কৰে দলটোৱে। নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ শোকাকূল পৰিবেশৰ মাজতে বুধবাৰে গুৱাহাটীৰ সমীপৱৰ্তী চাংচাৰিত এগৰাকী মহিলাক দেগাৰেৰে আক্ৰমণ কৰি হত্যা কৰাৰ চেষ্টা কৰা ঘটনা পোহৰলৈ আহিছে। আনহাতে যোৱা মাৰ্চ মাহত ধৰ্ষণ গোচৰত অভিযুক্ত গুৱাহাটী আই আই টিৰ ছাত্ৰ এগৰাকীক জামিনত মুকলি কৰি দিয়া ঘটনাই ৰাজ্যখনত নাৰী সুৰক্ষাৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে বুলি কয় কংগ্ৰেছ দলে।
লগতে পঢ়ক : কণমানি আলিয়া তাঁতীৰ হত্যাকাণ্ডৰ দুই অপৰাধীক আটক
সকলোকে আচৰিত কৰি ধৰ্ষণ কাণ্ডত অভিযুক্ত গৰাকীক ৰাজ্যখনৰ ভৱিষ্যতৰ সম্পদ বুলি ঘোষণা কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এনেবোৰ ঘটনাই প্ৰমাণ কৰিছে যে ৰাজ্যখনত এতিয়া নাৰী সুৰক্ষা এক শ্লোগান হে, বাস্তৱত ইয়াৰ ওলোটা ছবি দেখিবলৈ পোৱা গৈছে বুলি কয় কংগ্ৰেছ দলে। এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবলৈ অসম প্ৰদেশ কংগ্রেছ কমিটিৰ তৰফৰ পৰা দাবী জনোৱা হয়। লগতে আইনৰ সুৰুঙাৰে যাতে দোষী সাৰি যাব নোৱাৰে, তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায় দলটোৱে।