গুৱাহাটী : কেন্দ্রৰ নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ তেল আৰু প্ৰাকৃতিক গেছ উদ্যোগত ১০০ শতাংশ বিদেশী বিনিয়োগৰ যি প্ৰস্তাৱ গ্ৰহণ কৰিছে তাক অসম প্রদেশ কংগ্রেছে তীব্র বিৰোধিতা কৰিছে। কেন্দ্রীয় চৰকাৰৰ এনে হঠকাৰী প্ৰস্তাৱৰ দ্বাৰা চৰকাৰে প্ৰথমেই দেশৰ ৰাজহুৱা খণ্ডৰ সম্পদস্বৰূপ তথা দ্বিতীয় বৃহৎ উদ্যোগ ভাৰত প্ৰেট্ৰ’লিয়াম নিগম লিমিটেডৰ দৰে ৰাষ্ট্রায়াত্ত বৃহৎ প্ৰতিষ্ঠানক ব্যক্তিগত কোম্পানিক বিক্ৰী কৰিব বিচাৰিছে বুলি কংগ্ৰেছ দলে অভিযোগ উত্থাপন কৰে।

পূর্বে এই ক্ষেত্রত বিদেশী বিনিয়োগৰ সৰ্বোচ্চ পৰিমাণ ৪৯ শতাংশ আছিল যদিও এতিয়া ১০০ শতাংশ বিদেশী বিনিয়োগৰ প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্রীয় চৰকাৰে প্ৰথম ভাৰত প্ৰেট্ৰ’লিয়াম নিগম লিমিটেডত থকা নিজৰ ৫২.৯৮ শতাংশ ব্যক্তিগত দেশী বা বিদেশী কোম্পানীক বিক্ৰী কৰিব বিচাৰিছে বুলি কংগ্ৰেছ দলে জানিবলৈ দিয়ে। এনে নীতিৰ ফলত আমাৰ অসমৰো তেল আৰু প্ৰাকৃতিক গেছ উদ্যোগৰ বাকী প্ৰতিষ্ঠান সমূহ যেনে অইল, অ’এন জি চি লৈও যে ভৱিষ্যতে বিপদ নামি নাহিব তাক নুই কৰিব নোৱাৰি বুলিও জানিবলৈ দিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। নৰেন্দ্ৰ মোদী চৰকাৰে বৃহৎ পুঁজিপতিৰ স্বাৰ্থত গ্ৰহণ কৰা এনে নীতিৰ ফলত ভৱিষ্যতৰ দিনত দেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহ এটা এটাকৈ দেশী-বিদেশী ব্যক্তিগত কোম্পানিৰ হাতলৈ যোৱাৰ বাট প্ৰশস্ত কৰিব বুলিও কংগ্ৰেছ দলে কয়।

লগতে পঢ়ক : সোণাৰিত ৭ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

বিজেপি দল আৰু চৰকাৰে এফালে নিজকে ঘোৰ ৰাষ্ট্ৰীয়তাবাদী আৰু দেশপ্ৰেমিক বুলি দাবী কৰে আৰু আনহাতে সেই বিজেপি চৰকাৰেই দেশৰ ৰাষ্ট্রায়াত্ত সম্পদসমূহ এপদ এপদকৈ বৃহৎ পুঁজিপতি গোষ্ঠীসমূহৰ হাতত বিক্ৰী কৰিবলৈ উঠি পৰি লাগিছে বুলিও অভিযোগ কৰে কংগ্ৰেছ দলে। এতিয়া প্ৰশ্ন হ’ল প্ৰকৃততে কোনে দেশৰ ৰাজহুৱা সম্পদসমূহ দেশী-বিদেশী পুঁজিপতিক বিক্ৰী কৰি ৰাষ্ট্ৰ নতুবা চৰকাৰৰ নিয়ন্ত্রণ নাইকিয়া কৰিবলৈ বিচাৰিছে?১০০ শতাংশ বিদেশী বিনিয়োগ সুবিধা প্রদান কৰি কোনে প্ৰকৃততে ৰাষ্ট্ৰবিৰোধী কাম কৰিছে ? ইয়াৰ ফলত কি পৰিস্থিতিৰ সৃষ্টি হ’ব সকলোৰে অনুমেয় বুলি প্ৰকাশ কৰি অসম প্রদেশ কংগ্রেছে কেন্দ্রীয় চৰকাৰৰ এনে হঠকাৰী প্ৰস্তাৱ আৰু নীতিৰ তীব্র বিৰোধিতা কৰিছে আৰু কেন্দ্রীয় কেবিনেটত এই হঠকাৰী প্ৰস্তাৱক অনুমোদন নজনাবলৈ আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply