মানকাচৰ – মানকাচৰ বিধানসভা সমষ্টিত বৰ্তমান আছে কংগ্ৰেছৰ বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল। যোৱা নিৰ্বাচনত ডাঃ মতিউৰ ৰহমান মণ্ডল প্ৰায় ৫ সহস্ৰাধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল এআইইউডিএফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আমিনুল ইছলামক। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত পৰাস্ত হলেও পৰৱৰ্তী সময়ত সমষ্টিটোত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত এআইইউডিএফে সমষ্টিটোত ভাল প্ৰদৰ্শন দেখুৱাইছিল কংগ্ৰেছতকৈ।
সমষ্টিটোৰ চাৰিখনকৈ জিলা পৰিষদৰ ভিতৰত তিনিখন আছে এআইইউডিএফৰ দখলত আনহাতে অগপই দখল কৰি আছে এখন জিলা পৰিষদ।কংগ্ৰেছে জিলা পৰিষদৰ এখনো আসন দখল কৰিবলৈ সক্ষম হোৱা নাছিল। একেদৰে লোকসভাৰ নিৰ্বাচনত ২ লাখ ১৪ হেজাৰ ভোটৰ ভিতৰত কংগ্ৰেছে মাত্ৰ লাভ কৰিছিল ৫০ হেজাৰ ভোট। ইয়াৰ বিপৰীতে এআইইউডিএফে লাভ কৰিছিল ১ লক্ষাধিক ভোট।
এনে পৰিস্থিতিৰ মাজত এআইইউডিএফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আমিনুল ইছলামক এআইইউডিএফৰ পৰা টিকট দিয়াটোন প্ৰয়া নিশ্চিত যদিও মহাজোঁট বন্ধনৰ বৰ্তমানে বিধায়ক থকা জনে টিকট লাভ কৰাৰ ফৰ্মূলা মতে মানকাচৰত কংগ্ৰেছক টিকট দিয়াৰ সম্ভাবনা আছে। সেই মতে ডাঃ মতিউৰ ৰহমান কংগ্ৰেছৰ পৰা মানকাচৰত লাভ কৰিব পাৰে কংগ্ৰেছৰ টিকট।
আনহাতে এআইইউডিএফে কোনো কাৰণতে মানকাচৰ সমষ্টি এৰি নিদিয়াৰ সম্ভাৱনাও প্ৰকট হৈছে। এআইইউডিএফক মানকাচৰ সমষ্টি এৰি নিদিলে মহাজোঁটৰ পৰা দলটো আঁতৰি থকাৰ সম্ভাৱনাও দেখা দিছে। কাৰণ দলটোৰ গুৰুত্বপূৰ্ণ দায়িত্বত আছে দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অধিবক্তা আমিনুল ইছলাম।
ইফালে আকৌ মানকাচৰত মহাজোঁট বন্ধনে মানকাচৰত এআইইউডিএফক টিকট দিলে বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল কংগ্ৰেছ ত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো এক প্ৰকাৰে নিশ্চিত। আনহাতে যদি মহাজোঁট বন্ধনে যদি কংগ্ৰেছক টিকট দিয়ে তেন্তে আমিনুল ইছলাম কোনো কাৰণতে এআইইউডিএফ ত্যাগ অথবা আজমলক এৰি অন্য দলৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে। তেনে ক্ষেত্ৰত আমিনুল ইছলাম নিৰ্বাচনৰ পৰা বহিব পাৰে বুলি ধাৰনা কৰা হৈছে।