বিজেপি মিত্ৰদলে ৰাজ্যসভাৰ দুয়োখন আসন দখল কৰাৰ পিছতে কংগ্ৰেছ দলে নিৰ্বাচনৰ সময়ত মিত্ৰতা কৰা এ আই ইউ ডি এফৰ বিৰুদ্ধে ক্ষোভৰ বহিপ্ৰকাশ কৰিছে। ৰাজ্যসভা নিৰ্বাচনক লৈ কংগ্ৰেছে এ আই ইউ ডি এফক আৰু এ আই ইউ ডি এফে কংগ্ৰেছক উভয়ে উভয়ক “বিশ্বাসঘাতক” বুলি আখ্যা দিলেও প্ৰকৃত ছবিখন কিন্তু এতিয়াও পৰিষ্কাৰ হোৱা নাই ।

ইয়াৰ মাজতে আজি কংগ্ৰেছে তুলিছে আন এক গুৰুতৰ অভিযোগ । প্ৰদেশ কংগ্ৰেছৰ সংবাদমাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই শুকুৰবাৰে পুৱাই জাৰি কৰিছে এক বিবৃতি । বিবৃতিটোত দাবী কৰিছে বৃহস্পতিবাৰে ৰাজ্যসভা নিৰ্বাচনত বিশ্বাসঘাতকতা কৰাৰ পিছত আজি পুৱাই এ আই ইউ‌ ডি এফৰ পাঁচগৰাকী বিধায়কে মুখ্যমন্ত্ৰীক চৰকাৰী বাসগৃহত লগ ধৰাক লৈ প্ৰশ্ন তুলিছে।

কিয় পুৱাই যাবলগীয়া হ’ল মুখ্যমন্ত্ৰীৰ ঘৰলৈ ? বিবৃতিটোত উল্লেখ কৰা মতে, “অসমৰ ৰাজনীতি কলুষিত কৰা এ আই ইউ ডি এফ নামৰ ৰাজনৈতিক দলটোৱে বৃহস্পতিবাৰে ৰাজ্যসভাৰ নিৰ্বাচনত কৰা বিশ্বাসঘাতকতাৰ পিছত শুকুৰবাৰে নিচেই পুৱাই দলটোৰ পাঁচজন বিধায়কে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ দিছপুৰস্থ চৰকাৰী বাসগৃহলৈ গৈ মুখ্যমন্ত্ৰীজনক সাক্ষাৎ কৰি পুৱা প্ৰায় ৮ বজাৰ আগে আগে তাৰ পৰা ওলাই আহে।

দুখন গাড়ীৰে পুৱা প্ৰায় ৬ বজাৰ পিছতে মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈ প্ৰায় ৮ বজাত তাৰপৰা প্ৰস্থান কৰা এ আই ইউ ডি এফৰ বিধায়ক পাঁচজন আছিল সোনাইৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা, বদৰপুৰৰ বিধায়ক আব্দুল আজিজ, চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন, জনিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু ধিঙৰ বিধায়ক আমিনুল ইছলাম । ইয়াৰোপৰি দলটোৰ এগৰাকী জিলা সভাপতিও এই পাঁচগৰাকী বিধায়কৰ সৈতে মুখ্যমন্ত্ৰীৰ ঘৰলৈ গৈছিল”।

বৃহস্পতিবাৰে মাজনিশা ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, “এই ফলাফল অৱধাৰিত আছিল ।বিৰোধীৰ বহু বিধায়ক আমাৰ পক্ষত আছে । মই সকলো বিধায়ককে ধন্যবাদ জনাইছো । বিৰোধীৰ নিজৰ মাজত চলি থকা সংঘাতে আমাক সহায় কৰিলে । প্ৰথমবাৰৰ বাবে এনে অপৰিপক্ক বিৰোধীৰ ৰাজনীতি দেখিলো ‌।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply