গুৱাহাটীঃ আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ঘোষণা কৰিছে বাজেট। কেন্দ্ৰৰ চৰকাৰৰ বাজেটকলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কেন্দ্ৰ চৰকাৰৰ বাজেটখনকলৈ ভূপেন কুমাৰ বৰাই মোদী চৰকাৰে বৃহৎ পুঁজিপতি সকলৰ বৃহৎ পৰিমাণৰ লোণ মাফ কৰিছে কিন্তু সৰ্বসাধাৰণ ৰাইজৰ বাবে বাজেটখনত একো নাই। সৰ্বসাধাৰণ ৰাইজক মাধমাৰ দিছে। ক’ভিডৰ বাবে কৰ্মসংস্থাপনহীন হৈ পৰা লোক সকলক সকাহ দিবৰ বাবে চৰকাৰখনে একো কৰা নাই বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।

এইখন যে বনিকগোষ্টীৰ চৰকাৰ, ধনী মানুহৰ চৰকাৰ, পুঁজিপতিৰ চৰকাৰৰ এই কথা বাজেটখনে প্ৰমাণ কৰিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভূপেন কুমাৰ বৰাই।

লগতে পঢ়কঃনিৰ্মলা সীতাৰমনৰ বাজেটত উত্তৰ পূবৰ সকলো আঁচনিত ৰাজ সাহাৰ্য্য ঘোষণা

ক’ভিড ফলত বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকা লোক সকলৰ বাবে বাজেটখনত কোনো ধৰণৰ বাৰ্তা নাই। এফালে বাজেটখনত পৰিৱেশ সংৰক্ষণৰ কথা কোৱা হৈছে আনফালে নদী সংযোগৰ কথা বাজেটখনত উল্লেখ কৰা হৈছে। বাজেটত চাকৰি সন্দৰ্ভত যিটো কথা কোৱা হৈছে সেইটো চৰকাৰে আগন্তক হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনকলৈ ৰাজনীতি কৰিছে বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।

২০১৪ চনৰে পৰা চৰকাৰখনে ২ কোটি চাকৰি দিব বুলি উল্লেখ কৰি আছে কিন্তু ক’ভিডৰ কৰ্মসংস্থাপনহীন হৈ পৰা লোক সকলৰ বাবে বাজেটখনত কোনো ধৰণৰ কথা উল্লেখ কৰা নাই।

আনহাতে মূল্যবৃদ্ধিয়ে জুৰুলা কৰা ৰাইজক সকাহ দিয়াৰ বাবে বাজেটত কোনো ধৰণৰ কথা উল্লেখ কৰা নাই। কৃষিখণ্ডৰ উন্নয়নৰ বাবে বাজেটখনত যি ঘোষণা কৰা হৈছে ইয়াৰ দ্বাৰা কৃষক সকল লাভম্বিত হোৱাৰ সম্ভাৱনা নাই। মুঠতে বাজেটখনত উল্লেখ কৰা কথাখিনি বাবস্ত ক্ষেত্ৰত সফল হোৱাৰ কোনো ধৰণৰ বাৰ্তা নাই বুলিও উল্লেখ কৰে ভূপেন কুমাৰ বৰাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply