গুৱাহাটীঃ ৰাজীৱ ভৱনত পৌৰসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে উন্মোচন কৰিলে “আমাৰ প্ৰতিশ্ৰুতি”। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই উন্মোচন কৰে “আমাৰ প্ৰতিশ্ৰুতি”। উন্মোচনী অনুষ্ঠানত দলৰ কেইবাগৰাকী নেতা উপস্থিত থাকে। গুৱাহাটীবাসীৰ পানীৰ সমস্যাক লৈ এইবাৰ পৌৰ নিগমৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব কংগ্ৰেছ দল।

কংগ্ৰেছ চৰকাৰৰ দিনত গুৱাহাটী মহানগৰীবাসীৰ বাবে পানী যোগানৰ বাবে কেইবাটাও প্ৰকল্প হাতত লোৱা হৈছিল যদিও বিজেপি চৰকাৰৰ দিনত এই প্ৰকল্পসমূহ সম্পূৰ্ণ হৈ নুঠাত বিজেপিক তীব্ৰ সমালোচনা কৰে সভাপতি ভূপেন কুমাৰ বৰাই। কংগ্ৰেছে পৌৰ নিগম গঠন কৰিবলৈ সক্ষম হ’লে মহানগৰীবাসীৰ বাবে ১০০ দিনৰ ভিতৰত পানী যোগান দিয়াৰ ব্যৱস্থা কৰিব বুলি কয় ভূপেন কুমাৰ বৰাই।

লগতে পঢ়কঃ১৬-১৭এপ্ৰিলত পূৰ্বোত্তৰ প্ৰদেশীয়া মাৰৱাড়ী যুৱ মঞ্চৰ উদ্যোগত ৰঙালী বিহুৰ আয়োজন

পানী যোগানৰ লগতে মহানগৰী কৃত্ৰিম বানপানীৰ সমস্যা সমাধান আৰু গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত গছ পুলি ৰোপণ কৰি এখন নিকা গুৱাহাটীৰ প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছ দলে। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনকলৈ কংগ্ৰেছ দলৰ প্ৰচাৰৰ বাবে শিল্পী অজয় ফুকনে এক নিৰ্বাচনী গীত ৰচনা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply