গুৱাহাটীঃ ‘বাজিব লাগে টেমি কটাৰী, বাজিছে হাঁচতি’ মুখ্যমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ। ছাৰ্জিকেল ষ্টাইকক লৈ প্ৰত্যুত্তৰ দিব লাগিছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কিন্তু নিৰ্বাচনী সভাত প্ৰত্যুত্তৰ দিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। সেনা বাহিনীক ৰাজনীতিৰ মেৰপেছৰ মাজলৈ বিজেপিয়ে আনিছে।
গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদ মেল পাাতি এই মন্তব্য কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ।
পৌৰ নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থী সকললৈ প্ৰাণৰ ভাবুকি আহিছে বুলি মন্তব্য দলৰ সাধাৰণ সম্পাদকৰ।
লগতে পঢ়কঃটিংখাঙত পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে ৱাৰ্ড সদস্যৰ লগতে ৰাইজৰ প্ৰতিবাদ
একবিংশ শতিকাত হিজাবক লৈ চৰ্চা চলাটো দুখজনক বিষয় বুলি উল্লেখ কৰি চৰ্চা হব লাগে দেশৰ অৰ্থনৈতিক উন্নয়ন, নিবনুৱা সমস্যাৰ সমাধান, উন্নত শিক্ষাৰ হৈছে হিজাবৰ বুলি সংবাদমেলত উল্লেখ কৰে কংগ্ৰেছে।
শেহতীয়াকৈ অসমৰ বিভিন্ন স্থানৰ নাম সলনিৰ যি সিদ্ধান্ত ইয়াৰ পৰা অসমৰ কোনো উন্নয়ন নহয় বুলি মন্তব্য কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে।