উত্তাল ৰাজপথ

নিউজ ডেস্ক: দৰং জিলাৰ ঢলপুৰ, গৰুখুটি অঞ্চলত অসম চৰকাৰে চলোৱা উচ্ছেদ অভিযান আৰু দুগৰাকীকৈ ব্যক্তিক গুলিয়াই হত্যা কৰা আৰক্ষীৰ বৰ্বৰ কাৰ্য্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে অসম প্ৰদেশ কংগ্রেছে । এই প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে দৰং জিলাৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নিলম্বন দাবী জনোৱাৰ লগতে বিকল্প সংস্থাপনৰ পৰিকল্পনা নকৰাকৈ উচ্ছেদ অভিযান বন্ধৰ দাবী জনোৱা হয়।

লগতে পঢ়ক-গোলাঘাটত প্ৰতিবাদী আমছু নেতা গ্ৰেপ্তাৰ

ছিপাঝাৰৰ ঢলপুৰ গৰুখুটিত চলোৱা উচ্ছেদ অভিযানত আৰক্ষীয়ে গুলীচালনা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে- ক’ভিড মহামাৰীৰ এই সংকটকালত উচ্ছেদ অভিযান আমানৱীয় ৷ উচ্চতম ন্যায়ালয়ে ক’ভিড মহামাৰীৰ সময়ত উচ্ছেদ অভিযান স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছিল যদিও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাক অমান্য কৰিছে ৷

প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাই লগতে কয় যে, ‘মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অহংকাৰী আৰু একনায়কত্ববাদী মানসিকতাৰে ধলপুৰৰ বাসিন্দা সকলক উচ্ছেদ কৰিবলৈ লৈছে ৷ ১৯৭০ দশকৰ পৰা বসতি কৰি অহা ঢলপুৰৰ বাসিন্দা সকলক উচ্ছেদ কৰাটো অমানৱীয় ৷ উচ্ছেদ কৰাৰ আগতে চৰকাৰে পুনৰ সংস্থাপন আৰু বিকল্প বাসস্থানৰ ব্যৱস্থা কৰিব লাগিছিল ৷ এই এলেকাৰ বাসিন্দা সকলক ২০১৬ ত বিজেপি শাসনলৈ অহাৰ দিনাৰ পৰা উৎপীড়ন চলাই আহিছে ৷’

ইয়াৰ উপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে, চৰকাৰৰ দায়িত্ব মানুহৰ কল্যাণ সাধন কৰা ৷ চৰকাৰে প্ৰথমতে এই মানুহখিনিৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে বলপূৰ্বকভাৱে নিৰীহ মানুহক উচ্ছেদ নকৰিবলৈ আমি দাবী জনাইছো ৷

লগতে পঢ়ক-মটৰ চাইকেলত গাৱেঁ গাৱেঁ অনলাইনৰ সামগ্ৰী বিক্ৰী কৰি অৰ্থ উপাৰ্জনত ব্যস্ত লিজা ভূঞাঁ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply